মাজুলীত ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ সামৰণি : দৰং-ধেমাজিৰ প্ৰকল্পলৈ শ্ৰেষ্ঠত্বৰ সন্মান

মাজুলীত ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ সামৰণি : দৰং-ধেমাজিৰ প্ৰকল্পলৈ শ্ৰেষ্ঠত্বৰ সন্মান

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ২৬সংখ্যক ৰাজ্যিক পৰ্যায়ৰ সমাৰোহখনিৰ আজি মাজুলীত সফলতাৰে সামৰণি পৰে । মাজুলী মহাবিদ্যালয়ৰ কেশৱৰাম বৰা স্মাৰক প্ৰেক্ষাগৃহত শুকুৰবাৰে দুপৰীয়া মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ সভাপতিত্বত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এইবাৰৰ শিশু বিজ্ঞান সমাৰোহখনৰ সামৰণি ঘোষণা কৰা হয় ।

মাজুলীত ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ সামৰণি : দৰং-ধেমাজিৰ প্ৰকল্পলৈ শ্ৰেষ্ঠত্বৰ সন্মান

এইবাৰৰ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহখনত ৰাজ্যৰ ৩২খন জিলাৰ মুঠ ২৮৬ শিশু বিজ্ঞানীয়ে নিজৰ বৈজ্ঞানিক প্ৰকল্প উপস্থাপন কৰে । এই শিশু বিজ্ঞানীসকলৰ ভিতৰৰে ১৩৬জন ছাত্ৰ বিজ্ঞানী হোৱাৰ বিপৰীতে ছাত্ৰী বিজ্ঞানীৰ সংখ্যা হৈছে ১৫০গৰাকী ।

এইবাৰৰ সমাৰোহত অসমীয়া ভাষাত সৰ্বাধিক ১৮৩টা, ইংৰাজীত ৬৬টা, বাংলাত ১৩টা, বড়োত ৬টা, কাৰ্বিত ২টা আৰু হিন্দীত এটাকৈ বৈজ্ঞানিক প্ৰকল্প উপস্থাপন কৰে শিশুবিজ্ঞানীসকলে ।

মাজুলীত ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ সামৰণি : দৰং-ধেমাজিৰ প্ৰকল্পলৈ শ্ৰেষ্ঠত্বৰ সন্মান

তেওঁলোকে উপস্থাপন কৰা প্ৰকল্পসমূহৰ মাজৰ পৰা সমাৰোহৰ অন্তিম দিনা আজি ২৬টা প্ৰকল্পক অহা ডিচেম্বৰত ভুৱনেশ্বৰত হ'বলগা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অসমক প্ৰতিনিধিত্ব কৰিবলৈ বাছনি কৰা হয় ।

শিৱসাগৰ, তিনিচুকীয়া, নলবাৰী, নগাঁও আৰু ধেমাজি জিলাৰ পৰা দুটাকৈ বিজ্ঞান প্ৰকল্প আৰু মাজুলী, হাইলাকান্দি, যোৰহাট, চৰাইদেউ, কামৰূপ মহানগৰ, দৰং, হোজাই, ওদালগুৰি, বিশ্বনাথ, কাচাৰ, ধুবুৰী, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, কোকৰাঝাৰ, গোলাঘাট আৰু ডিমা হাচাও জিলাৰ পৰা এটাকৈ প্ৰকল্প ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ বাবে বাছনি কৰা হৈছে ।

এইবাৰৰ সমাৰোহত উপস্থাপন কৰা বৈজ্ঞানিক প্ৰকল্পসমূহৰ মাজৰ পৰা বয়সভিত্তিক দুটা শাখাৰ শ্ৰেষ্ঠ প্ৰকল্পৰ আধাৰত খগেন্দ্ৰনাথ ব্ৰহ্ম ৰাজ্যিক শিশু বিজ্ঞানী বঁটা দৰং জিলাৰ দেৱৰ্ষি নাথ আৰু অদিতি বৰা আৰু ডঃ অৱনি চন্দ্ৰ গোস্বামী ৰাজ্যিক শিশু বিজ্ঞানীৰ বঁটা ধেমাজি জিলাৰ পূৰ্ণৰঞ্জন চুতীয়া আৰু প্ৰিয়ংকা সোণোৱালক প্ৰদান কৰা হয় ।

একেদৰে সমাৰোহত ভাগ লোৱা জিলাভিত্তিক শিশুবিজ্ঞানী-গাইডৰ দলসমূহৰ ভিতৰত সাংগঠনিক দিশত বিশ্বনাথ আৰু শৈক্ষিক দিশত তিনিচুকীয়া জিলাক শ্ৰেষ্ঠ জিলা দল হিচাপে সন্মানিত কৰা হয় ।

জিলাভিত্তিক শিশু বিজ্ঞান সমাৰোহৰ স্মৰণিকা শিতানত প্ৰথম পুৰস্কাৰ বিশ্বনাথ (স্পন্দন), দ্বিতীয় পুৰস্কাৰ মাজুলী (বিজ্ঞেয়) আৰু তৃতীয় পুৰস্কাৰ ডিব্ৰুগড় (জাগৃতি) জিলাই লাভ কৰিবলৈ সক্ষম হয় ।

মাজুলীত ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ সামৰণি : দৰং-ধেমাজিৰ প্ৰকল্পলৈ শ্ৰেষ্ঠত্বৰ সন্মান

আজিৰ সামৰণী অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হয় । সামৰণী অনুষ্ঠানত ডঃ মালিনী নামেৰে পৰিচিত বিশিষ্ট বিজ্ঞান লেখিকা ডঃ নীলিমা শইকীয়াই মুখ্য অতিথি, দক্ষিণপাট সত্ৰৰ অধিকাৰ ননীগোপাল দেৱগোস্বামী আৰু গড়মূৰ সত্ৰৰ অধিকাৰ পৰমানন্দ দেৱগোস্বামীয়ে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে যোৱা ২৩ অক্টোবৰত মাজুলী মহাবিদ্যালয়ৰ মূল সমাৰোহথলীত প্ৰথম দিনা শিবিৰ মুকলিৰ পাছত দ্বিতীয় দিনা ২৪ অক্টোবৰৰ আগবেলা মাজুলী মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই শিশু বিজ্ঞান সমাৰোহখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ।

সেইদিনাৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা, তথ্য-প্ৰযুক্তি আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে ।

Your Comments