ৰণথলি বাগিচা উচ্চ মাধ‍্যমিক বিদ‍্যালয়ৰ ৰূপালী জয়ন্তীৰ ব‍্যাপক প্ৰস্তুতি : লাইখুঁটা স্থাপন

ৰণথলি বাগিচা উচ্চ মাধ‍্যমিক বিদ‍্যালয়ৰ ৰূপালী জয়ন্তীৰ ব‍্যাপক প্ৰস্তুতি : লাইখুঁটা স্থাপন

ওদালগুৰি জিলাৰ কলাইগাঁৱৰ নিকটৱৰ্তী ৰণথলি বাগিচা উচ্চ মাধ‍্যমিক বিদ‍্যালয়ে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক জ্ঞানৰ চাকিৰে আলোকিত কৰি গৌৰৱোজ্জ্বল ২৫ বছৰ অতিক্ৰম কৰিলে ।

বিদ‍্যালয়খনে ২৫ বছৰ অতিক্ৰম কৰাৰ বাবে অঞ্চলটোৰ ৰাইজ তথা বিদ‍্যালয়ৰ শিক্ষকবৃন্দৰ লগতে প্ৰাক্তন ছাত্ৰসকলৰ প্ৰচেষ্টাত ৰূপালী জয়ন্তী উৎসৱ উদ্‌যাপন কৰিবলৈ ইতিমধ‍্যে এখন ৰূপালী জয়ন্তী উদ্‌যাপন সমিতি গঠন কৰি প্ৰস্তুতি আৰম্ভ কৰিছে ।

অসমৰ জাতীয়-জনগোষ্ঠীয় ছাত্ৰ সংগঠনসমূহৰ নেতৃবৰ্গৰ লগতে কেইবাগৰাকীও অসমৰ বুদ্ধিজীৱী, সাংবাদিক, ৰাজনৈতিক ব‍্যক্তিক আমন্ত্ৰণ জনোৱাৰ পৰিকল্পনা হাতত লৈছে ।

ইপিনে অহা ৯, ১০ আৰু ১১ নৱেম্বৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ৰূপালী জয়ন্তী উৎসৱৰ কাম ত্বৰান্বিত কৰাৰ বাবে বৃহস্পতিবাৰে বিদ‍্যালয় চৌহদত লাইখুঁটা স্থাপন কৰে বিপিএফ দলৰ কেন্দ্ৰীয় যুৱ মৰ্চাৰ সম্পাদক শৰৎ দাসে ।

উদ্‌যাপন সমিতিৰ যুটীয়া সম্পাদক ৰাতুল ডেকাই আঁতধৰা লাইখুঁটা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে উদ্‌যাপন সমিতিৰ সভাপতি জগদীশ সৰকাৰকে ধৰি বিদ‍্যালয় প্ৰধান তথা যুটীয়া সম্পাদক হবিবৰ ৰহমান, প্ৰসন্ন বড়ো আদি ব‍্যক্তি ।

উল্লেখ্য যে কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা, উদ্‌যাপন সমিতি আৰু বিদ‍্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নিৰ্মিত অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত ছহিদ হোৱা ৮৫৫গৰাকী ছহিদক চিৰযুগমীয়া কৰি ৰখাৰ বাবে ছহিদ বেদী উন্মোচন, বিদ‍্যালয়ৰ মূল তোৰণ, বৃহৎ কলেৱৰৰ স্মৃতিগ্ৰন্থৰ উপৰি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ পৰিকল্পনা হাতত লোৱা হৈছে ।

Your Comments