নিয়োগ সংবাদ

নিয়োগ সম্পৰ্কীয় বাতৰি

·     ভাৰত চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠান নিউ ইণ্ডিয়া এছুৰেন্স কোম্পানী লিমিটেডত ৬৮৫টা সহকাৰী পদৰ বাবে আবেদন বিচৰা হৈছে। শিক্ষাগত অৰ্হতা ন্যূনতম স্নাতক ডিগ্ৰীধাৰী। অনলাইন আবেদনৰ শেষ তাৰিখ ৩১ জুলাই।

·        ডিব্ৰুগড়স্থিত বি চি পি এলত ১৯টা পদৰ বাবে আবেদন বিচৰা হৈছে। ১০ আগষ্টৰ ভিতৰত অনলাইন আবেদন কৰিব লাগিব। সবিশেষ http:/bcplonline_co_in ৱেবছাইটত চাব পাৰে।

·        সোণাপুৰৰ টেপেচিয়া ক্ৰীড়া চৌহদত স্থাপিত লক্ষ্মীবাঈ নেচনেল ইনষ্টিটিউট অব ফিজিকেল এডুকেচনৰ উত্তৰ-পূব আঞ্চলিক কেন্দ্ৰত ২৩টা পদৰ বাবে আবেদন আহ্বান কৰিছে। ২৫ জুলাইত সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব।

·        অসমৰ মেডিকেল কলেজ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠানত ঠিকাভিত্তিত চিকিৎসক নিযুক্তি দিয়া হ’ব। ২০ আৰু ২১ জুলাইত সাক্ষাৎকাৰ। খালী পদৰ সবিশেষ ১৮ জুলাইত ৱেবছাইট http://nhm.assam.gov.inত আপলোড কৰা হ’ব।

·        পাণ্ডু মহাবিদ্যালয়ত ঠিকাভিত্তিত ১১টা সহকাৰী অধ্যাপকৰ পদৰ বাবে আবেদন বিচৰা হৈছে। ইউ জি চিৰ পথ নিৰ্দেশনা মতে থকা অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। ২১ জুলাইৰ ভিতৰত পোৱাকৈ principal@panducollege.orgত প্ৰেৰণ কৰিব লাগিব।

·        যোৰহাট কৃষি-অৰ্থনৈতিক গৱেষণা কেন্দ্ৰত খালী হোৱা পদৰ বাবে আবেদন বিচৰা হৈছে। আবেদনৰ শেষ তাৰিখ ১৩ আগষ্ট। ৱেবছাইট www.acrcaau.org আৰু www.aau.ac.inত চাব পাৰিব।

·        বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত ২০টা ষ্টাফ নাৰ্ছৰ বাবে প্ৰাৰ্থী বিচৰা হৈছে। ২৫ জুলাইত সাক্ষাৎকাৰ। সবিশেষ www.bbcionline.orgত চাব পাৰিব।

·        কৃষি বিশ্ববিদ্যালয়ত ৮টা পদৰ বাবে প্ৰাৰ্থী বিচৰা হৈছে। সাক্ষাৎকাৰৰ দিন ১৯ জুলাই। সবিশেষ জনাৰ বাবে www.aau_ac.in ৱেবছাইটৰ সহায় ল’ব পাৰে।

 

আমাৰ মন্তব্যঃ  নিয়োগ সম্পৰ্কীয় বাতৰিসমূহ অসমৰ যুৱক-যুৱতীৰ সহায় হোৱাকৈ বিভিন্ন ক্ষেত্ৰৰ পৰা সংগ্ৰহ কৰা। সংশ্লিষ্ট ক্ষেত্ৰসমূহে সময়ত এই তথ্য সালসলনিও কৰিব পাৰে। আমি প্ৰাথমিক বাতৰি হিচাপে আগবঢ়োৱা তথ্যসমূহৰ ক্ষেত্ৰত বিসংগতি থাকিলে নিউজ এএছএন দায়বদ্ধ নহয়।

 

Your Comments