ভেৰগাঁও জিলা এবি এমছুৰ অষ্টম বাৰ্ষিক ছহিদ দিৱস

ভেৰগাঁও জিলা এবি এমছুৰ অষ্টম বাৰ্ষিক ছহিদ দিৱস

'লাফিকুলৰ হত‍্যকাৰীক আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে চিনাক্ত নকৰিলে সংখ্যালঘু এলেকাত ৰাজনৈতিক ব‍্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰা হ'ব ৷' এই মন্তব‍্য এবি এমছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক মাইনুদ্দিন আহমেদৰ ।

ভেৰগাঁও জিলা এবি এমছুৰ অষ্টম বাৰ্ষিক ছহিদ দিৱস

কলাইগাঁও এম ই মাদ্ৰাছা প্ৰাঙ্গণত অনুষ্ঠিত ভেৰগাঁও জিলা এবি এমছুৰ অষ্টম বাৰ্ষিক ছহিদ দিৱসত এই মন্তব্য কৰে এবি এমছুৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে ৷ মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত ছহিদ দিৱসৰ মুকলি সভাত সভাপতিত্ব কৰে জিলা সভাপতি ৰেজ্জাক আলীয়ে ।

জিলা সম্পাদক চাহিল আনোৱাৰে আঁতধৰা সভাখনত উপস্থিত থাকে জিলাৰ মুখ্য উপদেষ্টা বাহাৰুল ইছলাম, উপদেষ্টা ফৰহাদ আলী, শিংৰীমাৰী প্ৰাথমিক বিদ‍্যালয়ৰ প্ৰধান শিক্ষক কুশেশ্বৰ নাথ, স্থানীয় জ্যেষ্ঠ সাংবাদিক ইমৰাণ হুছেইন, সাংবাদিক পূৰ্বজ‍্যোতি মেধি, ৰিজুল হককে ধৰি কেইবাগৰাকীও ব্যক্তি ।

Your Comments