পূজাত সকলোকে শান্তি-শৃংখলা বজাই ৰখাৰ আহ্বান অগপ নেতা মুকুন্দৰাম চৌধুৰীৰ

a

সমগ্ৰ ৰাজ‍্যতে দুৰ্গতিনাসিনী শ্ৰীশ্ৰী দুৰ্গাদেৱীৰ দেৱী বন্দনাৰে মূখৰিত হৈ উলহ-মালহেৰে দুৰ্গাপূজা অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে । ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে কলাইগাঁৱৰ বিভিন্ন অঞ্চলত প্ৰায় ৩০ খনৰো অধিক দুৰ্গাপূজাৰ মন্দপত দেৱী বন্দনাৰে এক আধ‍্যাত্মিক পৰিৱেশৰ মাজেৰে শান্তিপূৰ্ণভাৱে চলি আছে । ইপিনে নৱমীৰ দিনা দেৱী দুৰ্গাৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ অগপৰ কেন্দ্ৰীয় সম্পাদক তথা কলাইগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক মুকুন্দৰাম চৌধুৰী কলাইগাঁৱৰ কেইবাখনো পূজা মণ্ডপত উপস্থিত হৈ মাঁ দুৰ্গাৰ আশীৰ্বাদ গ্ৰহণ কৰি সাংবাদিকৰে মুখামুখী হৈ সকলোলৈকে দুৰ্গাপূজাৰ শুভেচ্ছা জ্ঞাপন কৰি শান্তি সম্প্ৰিতি অটুট ৰখাৰ আহ্বান জনাই ।

Your Comments