চালক ডিম্বেশ্বৰ বড়োৰ হত্যাকাৰীক ফাঁচিৰ দাবীত কলাইগাঁৱত শান্তি সমদল

চালক ডিম্বেশ্বৰ বড়োৰ হত্যাকাৰীক ফাঁচিৰ দাবীত কলাইগাঁৱত শান্তি সমদল

ওদালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত ভোলাবাৰী বাগিচাত যোৱা ৭ অক্টোৰৰ নিশা ডিম্বেশ্বৰ বড়ো (২৯) নামৰ মেজিক চালক এজনৰ ৰহস‍্যজনক মৃত‍্যুৰ ঘটনাই কলাইগাঁও চহৰত তীব্ৰ উত্তেজনা বিৰাজ কৰি থকাৰ সময়তে শুকুৰবাৰে এবছুৰ নেতৃত্বত কেইবাটাও বড়ো সংগঠনে ডিম্বেশ্বৰ বড়োক পৰিকল্পিতভাৱে হত‍্যা কৰাৰ অভিযোগ তুলি প্ৰতিবাদ সাব‍্যস্ত কৰে ।

কলাইগাঁও চহৰত হত্যাকাৰীক ফাঁচি দিয়ক, আমাক ন্যায় লাগে, আমাৰ দাবী ন‍্যায্য দাবী, আমি শান্তি বিচাৰোঁ, ন' জাষ্টিচ ন' ৰেষ্ট, উই কনডেম কিলিং, হেং দ্য কালপ্ৰিট আদি শ্লোগাণেৰে দিনৰ ১১.৩০ বজাত এবছুৰ কলাইগাঁও আঞ্চলিক সমিতিৰ কাৰ্যালয়ৰ পৰা বৃহৎ সমদল উলিয়ায় ৷

চালক ডিম্বেশ্বৰ বড়োৰ হত্যাকাৰীক ফাঁচিৰ দাবীত কলাইগাঁৱত শান্তি সমদল

লগতে প্ৰতিবাদকাৰীসকলে নিৰপৰাধী ডিম্বেশ্বৰ বড়োৰ মৃত্যুৰ ন্যায় প্ৰদান কৰা, হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰা, ডিম্বেশ্বৰ বড়োৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়া, শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰো দাবী জনায় । এবছুৰ লগতে এই সমদলত অংশগ্ৰহণ কৰে আবৌফ আৰু বড়ো সাহিত্য সভাই ৷ 

উল্লেখ্য যে সমগ্ৰ কলাইগাঁও চহৰখনত উলিওৱা শান্তি সমদলৰ অন্তত সংশ্লিষ্ট দাবীৰ সমৰ্থনত কলাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ওদালগুৰি জিলাৰ উপায়ুক্তলৈ এক স্মাৰক-পত্ৰ প্ৰদান কৰে । ইপিনে সংগঠনকেইটাই এয়া কোনো দুৰ্ঘটনা নহয়, পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰে ।

দৰং জিলাৰ বৰক'লাৰ কলিতাপাৰা নিবাসী মেজিক চালক ডিম্বেশ্বৰ বড়োৰ দুৰ্ঘটনাত মৃত্যু হোৱা বুলি চৰ্চা চলিছিল যদিও কেইবাজনো চালক বন্ধুৰ সৈতে সেইদিনাখন নিশা সকাম খাবলৈ গৈ আকস্মিকভাৱে মৃত্যুক সাবটি লোৱা ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ লগতে সন্দেহ সৃষ্টি কৰিছিল ৷

আনহাতে, ডিম্বেশ্বৰ বড়োৰ মাতৃ তপেশ্বৰী বড়োৱে ডিম্বেশ্বৰক পৰিকল্পিতভাৱে হত্যা কৰা বুলি অভিযোগ তুলি কলাইগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল । উক্ত এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে ডিম্বেশ্বৰৰ বন্ধু মণি ডেকা, ৰমেন ডেকা আৰু ত্ৰৈলোক্য মহন্তক গ্ৰেপ্তাৰ কৰি জে'ললৈ নিক্ষেপ কৰি তদন্ত অব্যাহত ৰাখিছে ।

Your Comments