এখন নহয়, দুখন নহয়; ৫খন বাঁহৰ দলং । পথ মাথোঁ ৭ কিলোমিটাৰ । ভগা বাঁহৰ দলঙেই যাতায়াতৰ একমাত্ৰ সম্বল নগাঁও জিলাৰ ৰহা সমষ্টিৰ কচুৱাৰ মিনাপামবাসীৰ । ৰাইজৰ উপকাৰ কৰিবলৈ তেওঁলোকৰ মাজলৈ নাহে জনপ্ৰতিনিধি ।
নগাঁও জিলাৰ ৰহা সমষ্টিৰ চাংচকীৰ পৰা দাপৰা হৈ কচুৱা সংযোগী ৭ কিলোমিটাৰ পথৰ অৱস্থা অতি শোচনীয় । পথটোত আছে ৭খনকৈ বাঁহৰ দলং । পথটোত থকা এই বাঁহৰ দলংকেইখনে ৰাইজৰ যাতায়াতলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ।
ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যোৱা, ৰোগীক চিকিৎসায়ললৈ নিয়া, হাট বা বজাৰলৈ যোৱাত তীব্ৰ সমস্যাত পৰিছে স্থানীয় ৰাইজ । ৰাইজে বহুবাৰ স্থানীয় পঞ্চায়ত, গড়কাপ্তানী বিভাগক আবেদন-নিবেদন কৰিও কোনো সুফল লাভ কৰা নাই । ৰাইজৰ অভিযোগ, তেওঁলোকে ছাঁটোকে দেখা নাই স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসৰ ।
পৰিৱৰ্তনৰ শ্লোগান দিয়া চৰকাৰখনে দৃশ্যবোৰ চাওক । গড়কাপ্তানী বিভাগৰ দায়িত্বত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এবাৰ ভালকৈ চাওক । এয়া নগাঁও জিলাৰ ৰহা সমষ্টিৰ কচুৱাবাসীৰ এখন জীয়া ছবি। ।
পৰিৱৰ্তনৰ কথা কৈ ৰাইজৰ ওচৰত ভোট বিচাৰি অহাৰ সময়ত এওঁলোকে আপোনালোকক মৰম কৰিছিল । সেয়ে ৰহা সমষ্টিৰ পৰা জয়ী হৈছিল ডিম্বেশ্বৰ দাস । ৰাইজে যেনেকৈ আপোনালোকক মৰম কৰিলে, আপোনালোকেও আমাক মৰম কৰক- এয়া ৰাইজৰ দাবী ৷
- Log in to post comments
- 12 views