ওদালগুৰিৰ কবিৰালীত আয়ুস্মান ভাৰত আঁচনিৰ স্মাৰ্টকাৰ্ড বিতৰণ

ওদালগুৰিৰ কবিৰালীত আয়ুস্মান ভাৰত আঁচনিৰ স্মাৰ্টকাৰ্ড বিতৰণ

ভাৰত চৰকাৰে সমগ্ৰ দেশতে ৫০ কোটি জনসাধাৰণক সামৰি প্ৰধান মন্ত্ৰী জন আৰোগ‍্য যোজনা আৰম্ভ কৰিছে ৷ এই আঁচনি আনুষ্ঠানিকভাৱে ওদালগুৰি জিলাৰ কবিৰালীত বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে শুভাৰম্ভ কৰে ।

ওদালগুৰিৰ কবিৰালীত আয়ুস্মান ভাৰত আঁচনিৰ স্মাৰ্টকাৰ্ড বিতৰণ

বৃহত্তৰ কবিৰালী অঞ্চলৰ ২৯খন গাঁৱক সামৰি ১,৮০০ পৰিয়ালক আজি আনুষ্ঠানিকভাৱে আয়ুস্মান ভাৰত যোজনাৰ স্মাৰ্টকাৰ্ড বিতৰণ কৰি এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালসকল উপকৃত হ'ব বুলি জানিবলৈ দিয়ে ।

hhh

ঝাৰগাঁও কদমগুৰি ভিচিডিচিৰ সভাপতি দীপক খাখলাৰীৰ সভাপতিত্বত অনুষ্ঠিত স্মাৰ্টকাৰ্ড বিতৰণী সভাখনৰ উদ্দেশ‍্য ব‍্যাখ্যা কৰে ভাৰপ্ৰাতপ্ত যুটীয়া সঞ্চালক ডাঃ গনেশ চন্দ্ৰ ব্ৰহ্মই ।

ওদালগুৰিৰ কবিৰালীত আয়ুস্মান ভাৰত আঁচনিৰ স্মাৰ্টকাৰ্ড বিতৰণ

অধ‍্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে শুভাৰম্ভ কৰা সভাখনত উপস্থিত থাকে জিলা বিপিএম ৰাজডোনাল মোছাহাৰী, পুঠিমাৰী নতুন ৰাজ‍্যিক স্বাস্থকেন্দ্ৰৰ গাণনিক চফিকুল ইছলাম, কবিৰালী উচ্চতৰ মাধ্যমিক বিদ‍্যালয়ৰ সহকাৰী শিক্ষয়ত্ৰী সুমিত্ৰা বড়ো, ঝাৰগাঁও কদমগুৰি প্ৰাথমিক বিপিএফৰ সভাপতিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব‍্যক্তি ।

Your Comments