ওদালগুৰিৰ ডিমাকুছিত হাতীৰ আক্ৰমণত নিহত দশম শ্ৰেণীৰ ছাত্ৰী

ele-attack

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত হস্তী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ ডিমাকুছিত হাতীৰ আক্ৰমণত প্ৰাণ গ'ল এগৰাকী ১৬ বছৰীয়া স্কুলীয়া ছাত্ৰীৰ ৷ 

নিহত ছাত্ৰীগৰাকীৰ নাম ৰূপালী তপ্প ৷ 

দেওবাৰে নিশা প্ৰায় ১০.৩০মান বজাত সংঘটিত হয় এই ঘটনা ।

 কিশোৰীগৰাকীয়ে নিশা ঘৰৰ পৰা নদীৰ কাষলৈ বুলি ওলাই যোৱাৰ সময়তে হাতীয়ে আক্ৰমণ কৰিছিল ৷ 

নিহত কিশোৰী গৰাকী ডিমাকুছি শিশু বিদ্যা নিকেতনৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল ।

Your Comments