কলাইগাঁও আদৰ্শ চিকিৎসালয় নিৰ্মাণত দুৰ্নীতিৰ প্ৰতিবাদ আছুৰ

কলাইগাঁও আদৰ্শ চিকিৎসালয় নিৰ্মাণত দুৰ্নীতিৰ প্ৰতিবাদ আছুৰ

কলাইগাঁও আদৰ্শ চিকিৎসালয় নিৰ্মাণত হোৱা দুৰ্নীতি আৰু অনিয়মৰ লগতে চিকিৎসালয়খনত ২৪ ঘণ্টাই চিকিৎসা সেৱা প্ৰদান কৰা, প্ৰৰ্যাপ্ত কৰ্মচাৰী নিযুক্তিকে ধৰি কেইবাটাও দাবীত কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই দুঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব‍্যস্ত কৰে ।

কলাইগাঁও আদৰ্শ চিকিৎসালয় নিৰ্মাণত দুৰ্নীতিৰ প্ৰতিবাদ আছুৰ

উল্লেখ্য যে কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই গঠন কৰি দিয়া চিকিৎসালয় দাবী সমিতিৰ নেৰানেপেৰা চেষ্টাৰ ফলশ্ৰুতিত আশাৰ ৰেঙণি দেখিবলৈ পোৱা কলাইগাঁও আদৰ্শ চিকিৎসালয়খন যোৱা ২৪ ছেপ্টেম্বৰত কলাইগাঁৱৰ প্ৰাক্তন বিধায়ক মুকুন্দৰাম চৌধুৰী, বৰ্তমানৰ বিধায়ক মহেশ্বৰ বড়ো, স্থানীয় এমচিএলএ তথা বিটিচিৰ ই এম জগদীশ সৰকাৰ, স্বাস্থ‍্য বিভাগৰ ই এম গনেশ কছাৰী, আন এগাৰাকী ই এম লৌমশ্ৰাও দৈমাৰী, ওদালগুৰি জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ দাস,

অতিৰিক্ত উপায়ুক্ত দিঠকানন্দ হাজৰিকা, ৰাজহ চক্ৰ বিষয়া বিৰাজ বৰুৱা, চিকিৎসালয়খন নিৰ্মাণ কৰাৰ বাবে প্ৰায় ছয় বিঘা ভূমি দান কৰা কলাইগাঁৱৰ প্ৰগতিশীল জনমঞ্চৰ সভাপতি তথা সাংস্কৃতিক সংগঠক তৰুণ আজাদ ডেকা আৰু বহুকেইগৰাকী বিশিষ্ট ব‍্যক্তিৰ উপস্থিতিত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস‍্য হাগ্ৰামা মহিলাৰীয়ে শুভাৰম্ভ কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰিছিল ।

কলাইগাঁও আদৰ্শ চিকিৎসালয় নিৰ্মাণত দুৰ্নীতিৰ প্ৰতিবাদ আছুৰ

প্ৰায় সহস্ৰাধিক ব‍্যক্তিৰ উপস্থিতিত শুভাৰম্ভ কৰা চিকিৎসালয়খন মুকলি কৰাৰ পিছতে অঞ্চলটোৰ জনসাধাৰণে বহুদিনীয়া অভাৱ পূৰণত উৎসাহিত হৈ পৰিছিল । পিছে ৰাইজৰ উৎসাহত চেঁচাপানী ঢিলি মুকলিৰ এমাহ সম্পূৰ্ণ নহওঁতেই কলাইগাঁও আদৰ্শ চিকিৎসালয়খনৰ মহলাসমূহৰ চাদ আৰু পকী বেৰসমূহত ছিৰাল ফাঁট দেখিবলৈ পোৱা গৈছে ।

ছাত্ৰ সংগঠটোৰ স্পষ্ট দাবী- চিকিৎসালয়খন নিৰ্মাণ কৰা ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাগৰাকীৰ হেমাহিৰ বাবে এই ছিৰাল ফাঁট দেখিবলৈ পোৱা গৈছে । দুৰ্নীতি আৰু অনিয়মৰ মাজেৰে প্ৰাক্কলন অনুযায়ী কাম নকৰি নিম্নমানৰ সামগ্ৰী ব‍্যৱহাৰেৰে নিৰ্মাণ কৰাৰ বাবে ছিৰাল ফাঁট মেলিবলৈ পালে ।

কলাইগাঁও আদৰ্শ চিকিৎসালয় নিৰ্মাণত দুৰ্নীতিৰ প্ৰতিবাদ আছুৰ

সংগঠনটোৱে এনে অনিয়ম আৰু দুৰ্নীতিৰ উচিত তদন্ত কৰাৰ দাবীত সভাপতি মৃন্ময় হাজৰিকা আৰু সাধাৰণ সম্পাদক দুলাল ডেকাৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক কিশোৰ বড়া, ওদালগুৰি জিলা ভোজপুৰী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি কেদাৰনাথ গুপ্তা, কলাইগাঁও আঞ্চলিক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি দীপজ‍্যোতি শৰ্মা,

কলাইগাঁও আদৰ্শ চিকিৎসালয় নিৰ্মাণত দুৰ্নীতিৰ প্ৰতিবাদ আছুৰ

কলাইগাঁও আঞ্চলিক আৰু উত্তৰ দৰং বৃহত্তৰ অসমীয়া যুৱ-মঞ্চৰ সচিব প্ৰধান অৰূপ শৰণীয়া আৰু নিৰ্মল বৰুৱা, জ্যেষ্ঠ নাগৰিক মঞ্চ, কলাইগাঁৱৰ সভাপতি মহেন্দ্ৰ নাথ, সম্পাদক গংগা শৰ্মা, প্ৰাক্তন ছাত্ৰ নেতা নৱ কুমাৰ ডেকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব‍্যক্তিয়ে অংশগ্ৰহণ কৰে । বিভিন্ন দাবী সন্নিৱিষ্ট স্মাৰক-পত্ৰ প্ৰেৰণ কৰে কলাইগাঁও ৰাজহ চক্ৰ বিষয়া বিৰাজ বৰুৱাৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ।

আনহাতে, স্মাৰক-পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে বিটিচিৰ স্বাস্থ‍্য বিভাগৰ ই এম, ওদালগুৰি জিলাৰ উপায়ুক্ত, জিলা যুটীয়া স্বাস্থ‍্য সঞ্চালক আৰু মুখ্য মন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখালৈ ।
 

Your Comments