কামপুৰত কৈশোৰ ক্ৰীড়া কেন্দ্ৰ উদ্বোধন

কামপুৰত কৈশোৰ ক্ৰীড়া কেন্দ্ৰ উদ্বোধন

নগাঁও জিলাৰ কামপুৰৰ কিশোৰ-কিশোৰীসকলক শাৰীৰিক-মানসিক উৎকৰ্ষ সাধন কৰি ক্ৰীড়াৰ জৰিয়তে বিশ্ব দৰবাৰত চিনাকি কৰাই দিব পৰাকৈ গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখি জন্ম হৈছে কৈশোৰ ক্ৰীড়া কেন্দ্ৰ, কামপুৰৰ ।

দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেন্দ্ৰটো শুভ উদ্বোধন কৰা হয় । পুৱা পতাকা উত্তোলন কৰে কেন্দ্ৰটোৰ সভাপতি মোলান লস্কৰে । উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এটা সমদল উলিওৱা হয় । সমদলটোৰ শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰভাত বৰাই ।

কামপুৰত কৈশোৰ ক্ৰীড়া কেন্দ্ৰ উদ্বোধন

এই সম্পৰ্কত মোলান লস্কৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত অলিম্পিক সন্থাৰ যুটিয়া সযম্পাদক বিষ্ণু নুনিচা উপস্থিত থাকে । তেওঁ ভাষণ প্ৰসংগত কেন্দ্ৰটোৱে লোৱা প্ৰচেষ্টাক এটা ইতিবাচক দিশ বুলি উল্লেখ কৰে ।

ক্ৰীড়াৰ জৰিয়তে আমি এখন সুস্থ সমাজ গঢ়িব পাৰোঁ বুলিও তেখেত কয় । সভাত অৱসৰপ্ৰাপ্ত অধ্যক্ষ সভাৰাম মজুমদাৰ, মৰিগাঁও জিলাৰ শিক্ষা বিষয়া চিদানন্দ দিহিঙীয়া আদিয়ে ভাষণ দিয়ে ।

Your Comments