দৰঙৰ ঔতলাত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে বৰ্ণিল ভাগৱত শোভাযাত্ৰা

 দৰঙৰ ঔতলাত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে বৰ্ণিল ভাগৱত শোভাযাত্ৰা

শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০সংখ্যক আৱিৰ্ভাৱ তিথি দৰঙৰ ঔতলাত দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঔতলা আঞ্চলিক শাখাৰ উদ‍্যোগত বৰ্ণিল কাৰ্যসূচীৰে ঔতলা প্ৰাথমিক শাখা নামঘৰ প্ৰাঙ্গণত অনুষ্ঠিত হয় ।

 দৰঙৰ ঔতলাত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে বৰ্ণিল ভাগৱত শোভাযাত্ৰা

আৱিৰ্ভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি অঞ্চলটোৰ কেইবা শতাধিক ভক্তপ্ৰাণ ৰাইজৰ অংশগ্ৰহণেৰে এক বৰ্ণিল ভাগৱত শোভাযাত্ৰা উলিওৱা হয় । ইপিনে ভাগৱত শোভাযাত্ৰাৰ পিছতেই শংকৰ সংঘৰ ঔতলা আঞ্চলিক শাখাৰ সভাপতি মাধৱ চন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি ধৰ্মালোচনী সভাখন উদ্বোধন কৰে ঔতলা আঞ্চলিক শাখাৰ শিক্ষা সমিতিৰ সভাপতি কুমুদ চন্দ্ৰ ডেকাই ।

 দৰঙৰ ঔতলাত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে বৰ্ণিল ভাগৱত শোভাযাত্ৰা

সভাখনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ সভাপতি বদন চন্দ্ৰ শইকীয়াই মুখ্য অতিথি আৰু মণিকাঞ্চন বাৰ্তালোচনীৰ সম্পাদক মুনিন্দ্ৰ মহন্তই নিৰ্দিষ্ট বক্তাৰ ভাষণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুণানুকীৰ্তন কৰে । ইয়াৰ পূৰ্বে ধৰ্মধ্বজ্বা উত্তোলন কৰে সভাপতি মাধৱ চন্দ্ৰ বৰুৱাই ।

পুৱাৰ ভাগত নাম প্ৰসঙ্গ, শৰাই নিবেদন, ভাগৱত পাঠ, গছপুলি ৰোপণ, সামূহিক চাফাই, বন্তি প্ৰজ্বলন আৰু প্ৰাতঃপ্ৰসঙ্গ অনুষ্ঠিত হয় ।

Your Comments