আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে কামপুৰত দৃষ্টিহীন উন্নয়ন পৰিষদৰ সংবাদমেল

আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে কামপুৰত দৃষ্টিহীন উন্নয়ন পৰিষদৰ সংবাদমেল

বিশেষভাৱে সক্ষম লোকসকলে গণতান্ত্ৰিক আন্দোলন কৰিব গৈ শুকুৰবাৰে দিছপুৰ লাষ্টগে'টত আৰক্ষীৰ যি বৰ্বৰতাৰ সন্মুখীন তাক গৰিহণা দিছে সদৌ অসম দৃষ্টিহীন উন্নয়ন পৰিষদ আৰু কামপুৰ আঞ্চলিক বিকলাংগ সন্থাই ।

এই সম্পৰ্কত দুয়োটা সংগঠণে কামপুৰত এখন সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলখনত দুয়োটা সংগঠনৰ তৰফৰ পৰা কোৱা হয় যে পৰিৱৰ্তনকামী চৰকাৰখনৰ ওচৰত প্ৰতিবাদ কৰিবলৈ গৈ দিছপুৰ লাষ্টগে'টত আৰক্ষী প্ৰশাসনৰ অত্যাচাৰৰ সন্মুখীন হোৱা প্ৰতিবন্ধীসকলৰ দাবীসমূহ পূৰণ কৰি, আঘাতপ্ৰাপ্তসকলক সু-চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই কামপুৰত এখন সংবাদমেলৰ আয়োজন কৰে সদৌ অসম দৃষ্টিহীন উন্নয়ন পৰিষদ আৰু কামপুৰ আঞ্চলিক বিকলাংগ সন্থাই ।

আৰক্ষী প্ৰশাসনৰ এনে কাৰ্যৰ তীব্ৰ গৰিহণা দি আগলৈ এনে কাৰ্য নকৰিবলৈও সংবাদমেলযোগে অনুৰোধ জনায় । অন্যথা জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

Your Comments