কামপুৰৰ বকুলগুৰিত ৰাইজে নিৰ্মাণ কৰিলে উপপথ

কামপুৰৰ বকুলগুৰিত ৰাইজে নিৰ্মাণ কৰিলে উপপথ

চৰকাৰলৈ বাট নাচাই কামপুৰৰ বকুলগুৰিত কপিলী নদীয়ে কালৰূপ ধাৰণ কৰা খহনীয়া এলেকাত ৰাইজে নিৰ্মাণ কৰিছে এটা উপপথ ৷ অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ বকুলগুৰি আঞ্চলিক, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্থানীয় ৰাইজৰ সহযোগত ৰাইজৰ পৰা এক-দুই টকাকৈ অনুদান সংগ্ৰহ কৰি নিৰ্মাণ কৰিছে এই উপপথটি ৷

কামপুৰৰ বকুলগুৰিত ৰাইজে নিৰ্মাণ কৰিলে উপপথ

বিগত বাৰিষাত কপিলী নদীৰ খহনীয়াত জাহ গৈছিল বকুলগুৰি গড়কাপ্তানী পকী পথটো ৷ ইতিমধ্যে উক্ত খহনীয়া স্থানত এগৰাকী প্ৰসূতীয়ে পথৰ দুৰৱস্থাৰ বাবে পথৰ ওপৰতে সন্তান প্ৰসৱ কৰিছিল ৷

কামপুৰৰ বকুলগুৰিত ৰাইজে নিৰ্মাণ কৰিলে উপপথ

ইফালে দিলীপ বৰা নামৰ এজন লোকে চাইকেলৰ পৰা পৰি উক্ত স্থানত কৰুণ মৃত্যুক সাৱটি লোৱাৰ লগতে কেইবাটাও দুৰ্ঘটনা হোৱাৰ পাছতো স্থানীয় বিধায়কৰ লগতে চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷

কামপুৰৰ বকুলগুৰিত ৰাইজে নিৰ্মাণ কৰিলে উপপথ

যাৰবাবে চৰকাৰলৈ বাট নাচাই ৰাইজৰ দান-বৰঙণিৰে এটা উপপথ নিৰ্মাণ কৰি ৰহাৰ বিধায়কক তীব্ৰ সমালোচনা কৰে ৷ ৰহা সমষ্টিত বিধায়কে কাম কৰিব নালাগে বুলিও মন্তব্য কৰে স্থানীয় ৰাইজে ৷

Your Comments