ডিটেনচন কেম্পত বন্দী বৃদ্ধৰ মৃত্যুক লৈ ৰৌতাত প্ৰতিবাদ : মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

ডিটেনচন কেম্পত বন্দী বৃদ্ধৰ মৃত্যুক লৈ ৰৌতাত প্ৰতিবাদ : মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

ডিটেনচন কেম্পত এগৰাকী বৃদ্ধৰ মৃত‍্যুৰ ঘটনাক লৈ ওদালগুৰিৰ ৰৌতাত শুকুৰবাৰে কেইবাটাও সংখ্যালঘু সংগঠনে ঐক‍্যবদ্ধভাৱে প্ৰতিবাদ সাব‍্যস্ত কৰাৰ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে ।

উল্লেখ্য যে তেজপুৰ ডিটেনচন কেম্পত বাংলাদেশীৰ সন্দেহত বন্দিত্বৰ জীৱন অতিবাহিত কৰা ওদালগুৰি জিলাৰ ৰৌতাৰ ধনশ্ৰীখুঁটিৰ জুব্বাৰ আলী নামৰ বৃদ্ধগৰাকীৰ ডিটেনচন কেম্পত মৃত্যুৰ প্ৰতিবাদত শুকুৰবাৰে সন্ধিয়া ৭মান বজাত ৰৌতাৰ ঝাৰগাঁৱত আমছু, মুছলিম ছাত্ৰ সন্থা, এবি এমছুৱে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব‍্যস্ত কৰে ।

ডিটেনচন কেম্পত বন্দী বৃদ্ধৰ মৃত্যুক লৈ ৰৌতাত প্ৰতিবাদ : মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

সংগঠনকেইটাই কৰা অভিযোগ অনুসৰি, মৃত জুব্বাৰ আলী  ভাৰতীয় হোৱাৰ পিছতো কিয় ডিটেনচন কেম্পত থাকিবলগা হ'ল বুলিও প্ৰশ্ন উত্থাপন কৰে । সংগঠনকেইটাই লগতে সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি মৃতকৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি বন্ধ কৰিবলৈ দাবী উত্থাপন কৰে ।

সংগঠনকেইটাৰ নেতৃত্বত প্ৰতিবাদকাৰীসকলে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অসম চৰকাৰ নিপাত যাওক, বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰক, সীমান্ত আৰক্ষী হায় হায় আদি ধ্বনিৰে ৰৌতাৰ আকাশ-বতাহ কঁপাই তোলে ।

আনহাতে, জিলা প্ৰশাসনে উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান নকৰিলে অনাগত দিনত তিব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ‍্য নকৰিবলৈ সকীয়াই দিয়ে । জানিব পৰামতে, মৃত জুব্বাৰ আলী দিৰ্ঘদিনৰে পৰা হাপানী ৰোগত আক্ৰান্ত হৈ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল । চিকিৎসাধীন অৱস্থাতে জুব্বাৰ আলীৰ মৃত্যু হয় ।

Your Comments