কামপুৰত মহিলাই চুলি কাটি শাস্তি দিলে এজনক

ss

এইবাৰ আইন হাতত তুলি ল'লে এজাক মহিলাই । হত্যাকাৰীক উত্তম মধ্যম সোধাই ডিঙিত চেণ্ডেলৰ মালা পিন্ধাই, আঁঠু কঢ়াই চুলি কাটি মুখত চূণ সানি ৰাজপথত খোজকঢ়াই শাস্তি প্ৰদান কৰে উত্তেজিত মহিলাই ৷ ঘটনাটো সংঘটিত হৈছে কামপুৰ দেউৰী গাঁৱত ৷ জানিব পৰা মতে, যোৱা ৬ আগষ্টত কৃষ্ণা কলিতা নামৰ এগৰাকী মহিলাক নিজ স্বামী আৰু পংকজ নাথ নামৰ লোকজনে মিলি হত্যা কৰি ডিঙিত ৰছী লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ কৰি কামপুৰ থানাত গোচৰ ৰুজু কৰিছিল একাংশ মহিলাই ৷

স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত স্বামী প্ৰমোদ কলিতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও আনজন অভিযুক্ত পংকজ নাথ পলাই আছিল ৷ বৃহস্পতিবাৰে অভিযুক্ত পংকজ নাথক স্থানীয় একাংশ মহিলাই দেখি ধৰি আনি এনেদৰে ৰাজহুৱা শাস্তি প্ৰদান কৰে ৷ ইফালে, হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা স্বীকাৰ কৰিছে ধৃত পংকজ নাথে ৷ পংকজ নাথৰ ঘৰ কলিয়াবৰত ৷ সন্দেহযুক্ত হত্যাকাৰীজনক এইদৰে শাস্তি দি আৰক্ষীক গতাই দিয়া ঘটনাত একাংশ সচেতন লোকে বিৰূপ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে ৷
 

Your Comments