ওদালগুৰিত অত‍্যাৱশ‍্যকীয় সামগ্ৰী, প্ৰেট্ৰ'ল-ডিজেল, ৰন্ধন গেছৰ মূল‍্যবৃদ্ধিৰ প্ৰতিবাদ আছুৰ

ওদালগুৰিত অত‍্যাৱশ‍্যকীয় সামগ্ৰী, প্ৰেট্ৰ'ল-ডিজেল, ৰন্ধন গেছৰ মূল‍্যবৃদ্ধিৰ প্ৰতিবাদ আছুৰ

সমগ্ৰ অসমতে সদৌ অসম ছাত্ৰ সন্থাই অত‍্যাৱশ‍্যকীয় সামগ্ৰী, প্ৰেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল‍্যবৃদ্ধিৰ লগতে গেছ চিলিণ্ডাৰৰ মূল‍্যবৃদ্ধিৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে ৷ আছুৰ এই কাৰ্যসূচীৰ অংশ হিচাপে সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাই বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা-কৰ্মীৰ লগতে ৰাইজে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠে ।

ওদালগুৰিত অত‍্যাৱশ‍্যকীয় সামগ্ৰী, প্ৰেট্ৰ'ল-ডিজেল, ৰন্ধন গেছৰ মূল‍্যবৃদ্ধিৰ প্ৰতিবাদ আছুৰ

সংগঠনটোৱে নৰেন্দ্ৰ মোডী হায়, হায়, সৰ্বানন্দ সোনোৱাল গ' বেক, কেন্দ্ৰীয় প্ৰেট্ৰ'লিয়াম মন্ত্ৰী মুৰ্দাবাদ, বিজেপি গ' বেক, এই জুই জ্বলিছে, জ্বলিবই, প্ৰেট্ৰ'ল-ডিজেলৰ মূল‍্যবৃদ্ধি ৰোধ কৰক, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ আদি ধ্বনি দি ওদালগুৰিৰ আকাশ-বতাহ কঁপাই তোলে ।

ওদালগুৰিত অত‍্যাৱশ‍্যকীয় সামগ্ৰী, প্ৰেট্ৰ'ল-ডিজেল, ৰন্ধন গেছৰ মূল‍্যবৃদ্ধিৰ প্ৰতিবাদ আছুৰ

জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰীৰ নেতৃত্বত জিলাখনৰ প্ৰায় শতাধিক ছাত্ৰকৰ্মীৰ উপস্থিতিত বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত অৱস্থান কৰি প্ৰতিবাদ সাব‍্যস্ত কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ‍্যিক কাৰ্যনিৰ্বাহক বিতোপন দাস, জিলাৰ সহকাৰী সাধাৰণ সম্পাদক কিশোৰ বড়াৰ লগতে কলাইগাঁও, ৰৌতা, মাজবাট, টংলা, হৰিশিঙা, ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদককে ধৰি বিষয়ববীয়াসকল এই প্ৰতিবাদত উপস্থিত থাকে ।

Your Comments