উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰিলে ৰঞ্জন গগৈয়ে

ৌৌ

অসম সন্তান ৰঞ্জন গগৈয়ে দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিলে ৷ ৰাষ্ট্ৰপতি ভৱনত আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰঞ্জন গগৈক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰায় ৷ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিসকল উপস্থিত থাকে ৷ শপত গ্ৰহণ অনুষ্ঠানত অসমৰ বহুকেইজন জ্যেষ্ঠ অধিবক্তাই অংশগ্ৰহণ কৰে ৷

ৌৌ

১৯৫৪ চনৰ ১৮ নবেম্বৰত জন্ম লাভ কৰা ৰঞ্জন গগৈয়ে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়তো মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ দেশৰ উচ্চতম ন্যায়ালয়ত ২০১২ চনৰ ২৩ এপ্ৰিলৰ পৰা ন্যায়াধীশ হিচাপে দায়িত্ব পালন কৰিছিল ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ৪৬ সংখ্যক মুখ্য ন্যায়াধীশ অসমৰ সুযোগ্য সন্তান ৰঞ্জন গগৈয়ে ২০১৯ চনৰ ১৭ নবেম্বৰলৈকে ১৩ মাহৰ বাবে কাৰ্যনিৰ্বাহ কৰিব ৷

উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰথমজন মুখ্য ন্যায়াধীশ হিচাপে ৰঞ্জন গগৈয়ে শপত বাক্য পাঠ কৰাৰ আগতে মাতৃক সেৱা কৰি আশীৰ্বাদ গ্ৰহণ কৰে ৷ শপত গ্ৰহণ অনুষ্ঠানত ৰঞ্জন গগৈৰ মাতৃৰ লগতে পৰিয়ালৰ লোক আৰু বন্ধু-বান্ধৱসকল উপস্থিত থাকে ৷ অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী কেশৱ গগৈৰ পুত্ৰ ৰঞ্জন গগৈয়ে দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰাত অসমবাসীয়ে গৌৰৱ বোধ কৰিছে ৷ 

Your Comments