কালাইগাঁৱত পতঞ্জলি মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ

patanjali

কেইদিনমান পূৰ্বে দৰঙৰ ডাহিৰ এখন সভাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লৈ পতাঞ্জলীৰ এগাৰাকী বিষয়াই বিৰূপ মন্তব‍্য কৰাৰ প্ৰতিবাদত সমগ্ৰ অসম তোলপাৰ লগি থকাৰ সময়তে কলাইগাঁৱতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জুমুঠি দাহ কৰাৰ লগতে পতঞ্জলিৰ বস্তু বিক্ৰী কৰা বন্ধ কৰিবলৈ উত্তাল প্ৰতিবাদ সাব‍্যস্ত কৰে । পতঞ্জলি যোগপীঠ হৰিদ্বাৰৰ নিৰীক্ষক সতীনাথ বাৰালে সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ উপৰিও কীৰ্তন, নামঘোষা আৰু নামঘৰত অসমীয়া সমাজে মিঠা তেলৰ চাকি জ্বলোৱা লৈ বিৰূপ মন্তব্য কৰাৰ প্ৰতিবাদত সোমবাৰে সতীনাথ বাৰালৰ প্ৰতিকৃতি দাহ কৰি কলাইগাঁৱৰ পতঞ্জলিৰ দোকানসমূহ বন্ধ কৰি দিয়ে ।

উল্লেখ্য অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি দিগন্ত ডেকা, কলাইগাঁও আঞ্চলিক সমিতিৰ উপদেষ্টা দুলেন নাথ, সভাপতি দ্বীপজ্যোতি শৰ্মা আৰু সাধাৰণ সম্পাদক পংকজ চহৰীয়াৰ নেতৃত্বত পৰিষদৰ কৰ্মীসকলে কলাইগাঁও থানাৰ ওচৰত প্ৰতিমূৰ্তি দাহ কৰি পতঞ্জলি গ' বেক, সতীনাথ বাৰাল মুৰ্দাবাদ, বাবা ৰামদেৱ হায় হায়, অসমত বিদেশী বেপাৰীৰ দপদপনি নাচালিব আদি শ্ল’গানৰে কালাইগাঁও উত্তাল কৰি তোলে ।

Your Comments