বন্য হস্তীৰ তান্দৱ বৰ্তমানেও অব্যাহত ভাৰত-ভূটান সীমান্তত 

সৰ্বজনবিদিত ভাৰত-ভূটান সীমান্তৰ হাতী মানুহৰ সংঘাতে অদ্যপী সাম কতা নাই ৷ সীমান্তৱৰ্তী অঞ্চলসমুহত বন্য হাতীৰ আক্ৰমনত বিগত দিনত কেইবাগৰাকীও ব্যক্তিয়ে মৃত্যুক আকোৱাল ল'বলগীয়া আহিছে । একে সময়তে যোৱা পোন্ধৰ দিন ধৰি প্ৰায় ডেৰ শতাধিক হাতীৰ এটা জাকে আঠেৰিঘাট চাহ বাগিচাত প্ৰৱেশ কৰি তীব্ৰ আতংকৰ সৃষ্টি কৰিছে । বাগিচাখনৰ শ্ৰমিকসকলে প্ৰৱেশ কৰিব পৰা নাই বাগিচাখনৰ ভিতৰত চাহপাত তোলাও বন্ধ হৈ পৰিছে ।

ইফালে বৰনদী অভয়ৰণ্যৰ পৰা বন বিভাগৰ লোক আহি হাতীৰ জাকটো আতৰাবলৈ চেষ্টা কৰে যদিও বৰ্তমানলৈ সফল পৰা নাই । প্ৰাপ্ত অভিযোগ মতে বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ একাংশ লোকে পাহাৰৰ গছ-গছনি কাতি তহিলঙ কৰাত বনাঞ্চলত তীব্ৰ খাদ্যৰ সংকটে দেখা দিছে ৷ এনে অৱস্থাত খাদ্যৰ সন্ধানত ভূটান পাহাৰ আৰু বৰনদী অভয়ৰণ্যৰ পৰা জাকে জাকে নামি অহা হাতীয়ে আতংক কৰাত ত্ৰাহি মধূসোধন সোঁৱৰিব লগীয়াত পৰিছে স্থানীায় জনসাধাৰণে ।

Your Comments