কৰ্পৰেটৰ ‘আচ্ছে দিন’ !  নিতৌ ৩০০ কোটিৰ সম্পদ বৃদ্ধি মুকেশ আম্বানিৰ

ৌৌ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেখুওৱা ‘আচ্ছে দিন’ৰ সপোন সাধাৰণ ভাৰতবাসীৰ বাবে নফলিয়ালে যদিও দেশৰ বৃহৎ কৰ্পৰেট গোষ্ঠীসমূহৰ সম্পদ বৃদ্ধিৰ উৰ্ধ্বগতিয়ে সৰ্বকালৰ অভিলেখ ভঙ্গ কৰিছে ৷ বিগত এটা বছৰত কেৱল মুকেশ আম্বানিৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰেই সম্পদ বৃদ্ধি ঘটিছে প্ৰতিদিনে ৩০০ কোটি টকাকৈ হাৰত৷ এই বিস্ফোৰক তথ্য বুধবাৰে সদৰী কৰিলে বাৰ্কলেজ হুৰুনৰ প্ৰতিবেদনত ৷

এই প্ৰতিবেদনত কোৱা হৈছে, ২০১৮ বৰ্ষৰ ৩১ জুলাইলৈকে এটা বছৰৰ ভিতৰত মুকেশ আম্বানিৰ সম্পদৰ পৰিমাণ বাঢ়ি হৈছেগৈ ৩,৭১,০০০ কোটি টকা৷ বিগত বছৰটোত আম্বানিৰ সম্পদ বৃদ্ধিৰ হাৰে আটাইবোৰ কৰ্পৰেট গোষ্ঠীক অতিক্ৰম কৰিছে আৰু দেশৰ ধনী ব্যক্তিসকলৰ তালিকাত একেৰাহে এইবাৰকে ধৰি সপ্তম বছৰতো আম্বানিয়ে প্ৰথম স্তান দখল কৰিছে ৷ ভাৰতৰ শ্বেয়াৰ বজাৰতো মুকেশ আম্বানিৰ ফ্লেগশ্বিপ কোম্পানীৰ শ্বেয়াৰৰ মূল্য ৪৭ শতাংশ হাৰত বাঢ়িছে ৷

২০১৮ বৰ্ষত ‘বাৰ্কেলজ হুৰুন ইণ্ডিয়া ৰিচ লিষ্ট’ত মুকেশ আম্বানিৰ পিছতেই সম্পদ বৃদ্ধিৰ দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিছে যথাক্ৰমে গোদৰেজ আৰু এছ পি হিন্দুজা গোষ্ঠীয়ে ৷ বিগত এটা বছৰত এছ পি হিন্দুজা পৰিয়ালৰ সম্পদৰ পৰিমাণ বাঢ়ি হৈছেগৈ ১,৫৯,০০০ কোটি টকা ৷ আনহাতে, গোদৰেজৰ সম্পদৰ পৰিমাণ বাঢ়ি হৈছে ২,২৩,০০০ কোটি টকা ৷ ছাইৰাছ পাল্লোনজি মিস্ত্ৰী আৰু তেওঁৰ ভাতৃ শ্বাপুৰ পাল্লোনজি মিস্ত্ৰী ৬৯৪০০ কোটিকৈ মুঠ ১,৩৮,৮০০ কোটি টকাৰ সম্পদৰ গৰাকী ৷ তেওঁলোকৰ টি চি এছ-ৰ শ্বেয়াৰৰ মূল্যবৃদ্ধিৰ হাৰ ৫৬ শতাংশ ৷

ss

ভাৰতৰ শীৰ্ষ দহটা কৰ্পৰেট গোষ্ঠীৰ বিগত বৰ্ষত সম্পদ বৃদ্ধিৰ হাৰ গড় হিচাপত কমেও ১০০০ কোটি টকাকৈ ৷ এই শীৰ্ষ কৰ্পৰেট গোষ্ঠীসমূহৰ ভিতৰত দিলীপ সিংভি পৰিয়ালৰ সম্পদ বিগত এটা বৰ্ষত বাঢ়ি হৈছেগৈ ৯২,৪০০ কোটি টকা ৷ আনহাতে শিৱ নাদাৰৰ পৰিয়ালৰ সম্পদৰ পৰিমাণ ৮৯,৭০০ কোটি টকা, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গুজৰাটী উদ্যোগপতি গৌতম আদানি পৰিয়ালৰ সম্পদৰ পৰিমাণ ৮৯,০০০ কোটি টকা ৷ ৰাধাকৃষ্ণ দামানি পৰিয়ালৰ সম্পদৰ পৰিমাণ ৮১,৬০০ কোটি টকা ৷

শ্ৰীপ্ৰকাশ লোহিয়া গোষ্ঠীৰ সম্পদৰ পৰিমাণ ৭০,২০০ কোটি টকা আৰু আনন্দ বৰ্মন পৰিয়ালৰ সম্পদৰ পৰিমাণ ৬৮,৮০০ কোটি টকা ৷ সম্পদ বৃদ্ধিৰ গতিত ষষ্ঠ স্থান দখল কৰিছে কোটাক মাহিন্দ্ৰাৰ পৰিয়ালৰ উদয় মাহিন্দ্ৰাই ৷ উল্লেখনীয়ভাৱে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ পৃষ্ঠপোষকতাত প্ৰবাসী ভাৰতীয় পুঁজিপতি গোষ্ঠীৰো অবিশ্বাস্য হাৰত সম্পদ বৃদ্ধি হৈছে ৷ ৬৬টা প্ৰবাসী ভাৰতীয় গোষ্ঠীৰ সম্পদ বিগত বছৰটোত বাঢ়িছে ৬৫ শতাংশ হাৰত ৷ বিগত বছৰটোত সৰ্বকালৰ অভিলেখ ভঙ্গ কৰি ভাৰতীয় টকাৰ দাম কমিছে, পেট্ৰ’লিয়াম সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বকালৰ অভিলেখ ভঙ্গ কৰিছে ৷

যোৱা জুলাই মাহৰ পৰা দেশৰ মূলধনী বজাৰত ভয়ংকৰ বিপৰ্যয়ৰ ফলত গ্ৰাহকসকলৰ ৮.৪৮ লাখ কোটিৰো অধিক টকা লোকচান হৈছে, ‘আচ্ছে দিন’ৰ সপোন দেখা ভাৰতবাসীৰ কমেও ১৫ কোটি লোক কৰ্মহীন হৈছে ৷ কিন্তু নৰেন্দ্ৰ মোডী চৰকাৰৰ পৃষ্ঠপোষকতাত বিগত এটা বছৰত ভাৰতত ৮৩১ জন উদ্যোগপতিৰ সম্পদৰ পৰিমাণ বাঢ়িছে ৭১,৯০০ কোটি ডলাৰলৈ ৷ আন্তৰ্জাতিক মুদ্ৰানিধিৰ হিচাপ মতে ২০১৮ বৰ্ষৰ ১ এপ্ৰিল লৈকে এই ৮৩১জন ভাৰতীয় ধনী ব্যক্তিৰ সম্পদৰ পৰিমাণ ভাৰতৰ মুঠ জিডিপিৰ (২৮৪৮০০ কোটি ডলাৰ) এক চতুৰ্থাংশ ৷

Your Comments