দৰঙৰ খাচ বৰক'লা গাৱঁৰ ছাত্ৰ সন্ধানহীন  

ss

দৰং জিলাৰ মঙলদৈ থানাৰ অন্তৰ্গত খাচ বৰক'লা গাঁৱৰ জ্ঞান বিকাশ একাডেমীৰ উচ্চতৰ মাধ‍্যমিক ২য় বৰ্ষৰ এগৰাকী ছাত্ৰ যোৱা শনিবাৰৰ পৰা সন্ধানহীন হৈ থকাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে । জানিৱ পৰা মতে গাঁৱখনৰ স্বৰ্গীয় বলিৰাম ডেকাৰ একমাত্ৰ পুত্ৰ সুব্ৰজিৎ ডেকা (১৭) নামৰ ছাত্ৰগৰাকী শনিবাৰে বিদ‍্যালয়লৈ যোৱাৰ পিছত সন্ধানহীন হৈ আছে ।

মিঠা বৰনীয়া, ৫ ফুট উচ্চতাৰ বিদ‍্যালয়ৰ সাজ পৰিহিত সন্ধানহীন যুৱকজন স্কুল বেগৰ সৈতে সন্ধানহীন হয় । পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰি সন্ধান উলিয়াৱ নোৱাৰাত মঙলদৈ থানাত এক এজাহাৰ দাখিল কৰে ৷ কোনো ব‍্যক্তিয়ে ছাত্ৰজনৰ সন্ধান পালে ৯৯৫৪৯১০১৪১ নম্বৰত যোগাযোগ কৰিবলৈ অনোৰোধ জনায়।

Your Comments