কলাইগাঁও আদৰ্শ চিকিৎসালয় নিৰ্মাণত বৃহৎ অনিয়ম : ৬.৪০ কোটিটকীয়া বেৰ আৰু ছাদত চিৰাল ফাঁট

কলাইগাঁও আদৰ্শ চিকিৎসালয় নিৰ্মাণত বৃহৎ অনিয়ম : ৬.৪০ কোটিটকীয়া বেৰ আৰু ছাদত চিৰাল ফাঁট

ওদালগুৰি জিলাৰ কলাইগাঁৱত নিৰ্মাণ কৰা কলাইগাঁও আদৰ্শ চিকিৎসালয় মুকলি হোৱাৰ এসপ্তাহ পাৰ নহওঁতেই ছাদৰ লগতে পকীবেৰসমূহত চিৰাল ফাঁট দেখিবলৈ পোৱা গৈছে । আশ্চৰ্যজনকভাৱে চিকিৎসালয়খনৰ দেখা দিয়া ফাঁটসমূহত বগা ৰঙৰ প্ৰলেপ সানি ঢকাৰ বৃথা চেষ্টা কৰে ।

কলাইগাঁও আদৰ্শ চিকিৎসালয় নিৰ্মাণত বৃহৎ অনিয়ম : ৬.৪০ কোটিটকীয়া বেৰ আৰু ছাদত চিৰাল ফাঁট

কলাইগাঁও আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এটা সঁজাতী দলে পৰিদৰ্শন কৰাত এই ভয়ানক তথ‍্য পোহৰলৈ আহে । ছাত্ৰ সংগঠনটোৱে কৰা অভিযোগ অনুসৰি চিকিৎসালয়খন মুকলি কৰাৰ পূৰ্বে মূল প্ৰৱেশদ্বাৰত তলা ওলোমাই ৰাইজক অন্ধকাৰত ৰাখি ফাঁটসমূহ ঢকাৰ অভিসন্ধিয়ে সচেতন মহলৰ মাজত ব‍্যাপক চৰ্চা চলিছে ।

ইফালে ছাত্ৰ সংগঠনটোৱে স্বাস্থ‍্য বিভাগ আৰু নিৰ্মাণকাৰী ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে গৰজি উঠা পৰিলক্ষিত হয় । কলাইগাঁওবাসী ৰাইজৰ বহু ত‍্যাগৰ বিনিময়ত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কলাইগাঁৱৰ তদানীন্তন বিধায়ক মুকুন্দৰাম চৌধুৰীয়ে চিকিৎসালয়খন কলাইগাঁৱত স্থাপন কৰাত ৰাইজৰ মাজত আনন্দৰ লহৰ উঠিছিল ।

কলাইগাঁও আদৰ্শ চিকিৎসালয় নিৰ্মাণত বৃহৎ অনিয়ম : ৬.৪০ কোটিটকীয়া বেৰ আৰু ছাদত চিৰাল ফাঁট

যোৱা ২০১৪ চনৰ ১০ নৱেম্বৰত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু প্ৰাক্তন বিধায়ক মুকুন্দৰাম চৌধুৰীয়ে স্থানীয় এমচিএলএ জগদীশ সৰকাৰৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰিছিল ।

সৌভাগ‍্যক্ৰমে চিকিৎসালয়খন যোৱা ২৪ ছেপ্টেম্বৰৰ দিনা বিটিচি প্ৰধানগৰাকীয়েই প্ৰাক্তন বিধায়ক, বৰ্তমানৰ বিধায়ক, বিটিচিৰ স্বাস্থ‍্য বিভাগৰ ই এমৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব‍্যক্তিৰ উপস্থিতিত চিকিৎসালয়খন মুকলি কৰি ৰাইজক উৎসৰ্গা কৰিছিল ।

কলাইগাঁও আদৰ্শ চিকিৎসালয় নিৰ্মাণত বৃহৎ অনিয়ম : ৬.৪০ কোটিটকীয়া বেৰ আৰু ছাদত চিৰাল ফাঁট

এতিয়া এই সম্পৰ্কত বিভাগীয় কৰ্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইটোহে লক্ষণীয় হ'ব ৷

Your Comments