কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট : হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনিৰে উত্তাল টংলা

কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট : হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনিৰে উত্তাল টংলা

ওদালগুৰিৰ টংলাত কেইবাটাও দাবীৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পশ্চিম টংলা আৰু পশ্চিম ননৈ আঞ্চলিক সমিতিয়ে টংলাৰ হস্পিটেল চ'কত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট : হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনিৰে উত্তাল টংলা

অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব মুৰ্দাবাদ, হাগ্ৰামা মহিলাৰী গ' বেক, স্বাস্থ‍্য বিভাগ হুঁচিয়াৰ, গড়কাপ্তানী বিভাগ হুঁচিয়াৰ, এমজি এনৰেগাৰ কুকুৰকাটা পথাৰৰ কেনেল নিৰ্মাণত হোৱা দুৰ্নীতিৰ তদন্ত লাগে, টংলা সাপ্তাহিক বজাৰৰ বজাৰ মাচুল হ‍্যাস কৰক ইত‍্যাদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি টংলা চহৰৰ আকাশ-বতাহ কঁপাই তোলে ।

কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট : হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনিৰে উত্তাল টংলা

পশ্চিম টংলা আঞ্চলিক সমিতিৰ সভাপতি মৃদুল কলিতা, সম্পাদক শুক্লেশ্বৰ বড়ো আৰু পশ্চিম ননৈ আঞ্চলিক সমিতিৰ যুটীয়া সভাপতি যতীন বড়ো, প্ৰসাদ নাথ, যুটীয়া সম্পাদক কমিন বসুমতাৰী, দুৰ্গেশ্বৰ বৰুৱাৰ নেতৃত্বত টংলা সামূহিক স্বাস্থ‍্য কেন্দ্ৰখন আধুনিকীকৰণ কৰা, টংলা-মহলীয়াপাৰা পথ, কুকুৰকাটা-চিকাৰীবাংলা-ডিমাকুচি সংলগ্ন পথ, নাচনশালী-ডিমাকুচি সংলগ্ন পথকে ধৰি কেইবাটাও পথ, এমজি এনৰেগা আঁচনিৰ কুকুৰকাটা পথাৰত কেনেল নিৰ্মাণত হোৱা দুৰ্নীতিৰ তদন্ত, টংলা সাপ্তাহিক বজাৰৰ অত‍্যধিক মাচুল হ্ৰাস কৰা, বজাৰত ফলক আঁৰি দিয়াৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট : হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনিৰে উত্তাল টংলা

অৱস্থান ধৰ্মঘট কাৰ্যসূচীত ওদালগুৰি জিলা কৃষক মুক্তিৰ সভাপতি দীপক শৰ্মা, সম্পাদক পংকজ অসমীয়া, ধৰ্মীয় সংখ‍্যালঘু পৰিষদৰ ভেৰগাঁও জিলাৰ সভাপতি মোকবুল আলী, ওদালগুৰি জিলা ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি কেদাৰনাথ গুপ্তা, কৃষক মুক্তিৰ দৰং জিলাৰ সম্পাদক খইবৰ মণ্ডল, বিশিষ্ট সাহিত‍্যিক জয়ন্ত চক্ৰৱৰ্তী আদি ব‍্যক্তিয়ে বক্তব‍্য প্ৰদান কৰি দাবীসমূহ শীঘ্ৰে ৰূপায়ণ কৰিবলৈ আহবান জনায় ।

প্ৰতিবাদকাৰীৰ বিভিন্ন দাবী সন্নিবিষ্ট স্মাৰক-পত্ৰ গ্ৰহণ কৰে টংলা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই ।

Your Comments