গোলাঘাটৰ ভি আই পি ৰোডৰ কদৰ্য ৰূপ

গোলাঘাটৰ ভি আই পি ৰোডৰ কদৰ্য ৰূপ

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ শ্লোগান চলি আছে যদিও গোলাঘাটৰ অন্যতম ভি আই পি ৰোডৰ দুৰৱস্থাই জীয়াতু ভোগাইছে গোলাঘাটবাসীক । গোলাঘাট চহৰৰ মধ্যস্থান বাটা পইণ্টৰ পৰা পৰিবহণ নিগম বাছ আস্থানলৈ যোৱা পথছোৱাৰ কদৰ্য অৱস্থাই পথচাৰীক নাকত সোপা দি যাবলগীয়া অৱস্থাৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে উক্ত পথছোৱাতে আছে গোলাঘাট জিলা উপায়ুক্তৰ বাসগৃহ, ছুইমিং পুল, ইনড'ৰ ষ্টেডিয়াম, সাংবাদিক সংস্থা, প্ৰেছ ক্লাব, জিলা সাহিত্য সভাৰ দৰে সন্মানীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ কাৰ্যাল য়। তৎসত্ত্বেও জিলা প্ৰশাসন বা পৌৰসভাৰ চকুত পৰা নাই পথটোৰ দুৰৱস্থা ।

গোলাঘাটৰ ভি আই পি ৰোডৰ কদৰ্য ৰূপ

লগতে সেই স্থানৰ পৰাই জিলাখনৰ যাত্ৰীসকল গন্তব্য স্থানলৈ যাত্ৰা কৰে । সততে অন্য ঠাইৰ মানুহৰো দৃষ্টিত পৰা এনে উল্লেখনীয় ঠাইখনৰ এনে অৱস্থাই নিশ্চয়কৈ পৌৰসভা কৰ্তৃপক্ষৰ ফোঁপোলা স্বৰূপটো উদঙাই দিয়ে ।

এই ক্ষেত্ৰত গোলাঘাটৰ সচেতন মহলে গোলাঘাট পৌৰসভা কৰ্তৃপক্ষক উক্ত ব্যস্ত পথছোৱা পৰিষ্কাৰ কৰাৰ দাবী তুলিছে ।

Your Comments