দুই দৃষ্টিহীনৰ জীৱনলৈ আহিল দৃষ্টিৰাণী

দুই দৃষ্টিহীনৰ জীৱনলৈ আহিল দৃষ্টিৰাণী

এহাল দৃষ্টিহীন দম্পত্তি । জীৱনটোত বিভিন্ন দুখ-বেদনাক বুকুত বান্ধি লৈ নিজৰ শিল্প প্ৰতিভাৰে ৰাজ্যবাসীৰ ওচৰত চিনাকি দিবলৈ সক্ষম হৈছে দম্পত্তিহালে । দিনে-নিশাই চকুত চকুলো লৈ সংগীতৰ পথাৰখনত নিজকে চিনাকি দিবলৈ সক্ষম হোৱা কামপুৰৰ ভৱেন বৰা আৰু মণি হাজৰিকাৰ ওঁঠত হাঁহি বিৰিঙিছে ।

কাৰণ, তেওঁলোকৰ জীৱনলৈ আহিছে দৃষ্টিৰাণী । দৃষ্টিৰাণীয়ে হেনো তেওঁলোকৰ চকুত দৃষ্টি দিব । মানুহৰ অদম্য ইচ্ছা শক্তি থাকিলে জীৱনৰ সফলতাৰ বাটত কেতিয়াও হেঙাৰ আহিব নোৱাৰে ।

বহু ঘাত-প্ৰতিঘাতেও বাধা দিব নোৱাৰে প্ৰতিভাক । মনত আকাশ চোৱাৰ হেঁপাহ পুহি ৰখাৰ বাবেই কামপুৰৰ এহাল অন্ধ দম্পত্তিয়ে এতিয়া ৰাজ্যত নিজৰ চিনাকি দিবলৈ সক্ষম হৈছে । 

দুই দৃষ্টিহীনৰ জীৱনলৈ আহিল দৃষ্টিৰাণী

ভবেন বৰা । ১৯৭৯ চনত কাকীত তেওঁৰ জন্ম হৈছিল ৷ পিছত কামপুৰৰ ডেকাপতীয়া গাঁৱত স্থায়ীভাৱে থাকিবলৈ ল'লে । মাতৃৰ নাম বীণা বৰা, দেউতাক ললিত বৰা । ৬ বছৰ বয়সত বসন্ত ৰোগত আক্ৰান্ত হৈছিল ৷

তাৰপিছত ৭ বছৰত বঢ়মপুৰ অন্ধ বিদ্যালয়ত নামভৰ্তি কৰাই দিয়ে । তাতে সংগীত চৰ্চা আৰম্ভ কৰিছিল । বাদ্যযন্ত্ৰত পাৰ্গত আছিল । দশমমানলৈকে অধ্যয়ন কৰি পঢ়া বাদ দিলে । তেওঁৰ গুৰু হৈছে তবলাবাদক পুষ্প বৰা ।

গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত কাম কৰিছিল । সুৰদেৱী থিয়েটাৰৰ বাদ্যযন্ত্ৰৰ সহযোগী হিচাপে তেওঁ ২ বছৰ কাম কৰে । ভালুকমাৰীৰ নীলকণ্ঠ পুতলা থিয়েটাৰতো কাম কৰিছিল ৷ লগতে প্ৰশিক্ষক হিচাপে অসমৰ বিভিন্ন স্থানত কাম কৰে । দুই-এখন মঞ্চত বাদ্যযন্ত্ৰৰ সহযোগী হিচাপে কাম কৰোঁতে মণিক লগ পায় ভৱেনে ।

তিনি বছৰৰ পিছত বিবাহ হয় তেওঁলোকৰ । ২০১২ চনৰ ৪ অক্টোবৰত তেওঁলোকৰ বিবাহ সম্পন্ন হয় । মণিক লৈ তেওঁ সুখী । কাৰণ, সংগীতৰ লগত জড়িত মানুহক তেওঁ বহুত ভাল পায় । সংগীতত জড়িত থকা এগৰাকী মানুহক পাই তেওঁ বহুত সুখী ।

তেখেতৰ সুযোগ্যা পত্নী মণি বৰাৰ জন্ম হয় ১৯৮৬ চনত ঘিলাণী গাঁৱত । নিচেই সৰুকালতে মাতৃ মধুমতী হাজৰিকাৰ মৃত্যু হৈছিল । মাতৃৰ মৃত্যুৰ পিছত পিতৃয়েও তেওঁক এৰি গুচি যায় । তেতিয়াৰে পৰা ককাক-আইতাকে মণিক ডাঙৰ-দীঘল কৰে ৷

দুই দৃষ্টিহীনৰ জীৱনলৈ আহিল দৃষ্টিৰাণী

কিন্তু বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা দিয়াব নোৱাৰিলে । তেওঁ সৰুকালৰে পৰাই গানৰ প্ৰতি আকৃষ্ট আছিল । ক'ৰবাত শুনি শুনি গান শিকিছিল ৷ 'লাভ লেটাৰ' ছবিৰ গানৰ যোগেদি তেওঁ গানগোৱা আৰম্ভ কৰিছিল ।

গানৰ প্ৰতি ধাউতি থকা দেখি যগেশ্বৰ বৰা নামৰ এজন শিক্ষক ঠিক কৰি দিলে, য'ত মণিয়ে হাৰমনিয়াম শিকিবলৈ ল'লে । নগাঁও ৰেডিঅ' চেণ্টাৰত তেওঁ লোকগীত গাইছিল । অসমৰ সকলোকেইটা বৈদ্যুতিন সংবাদ মাধ্যমত বিভিন্ন অনুষ্ঠানত নিজৰ সুৰীয়া কণ্ঠেৰে চেমিফাইনেলত প্ৰৱেশ কৰিছিল ।

এতিয়া এই দম্পত্তি হালৰ ওঁঠত হাঁহি বিৰিঙিছে । মণিৰ কোলাত এতিয়া এটি ২৮দিনীয়া কন্যা সন্তানে উমলিছে ৷ নাম দিছে দৃষ্টিৰাণী বৰা । দুখৰ দিন নাযায় নুপুৱাই । তেওঁলোকৰ তিনিটি সন্তান ঢুকাল । দৃষ্টিৰাণী হৈছে তেওঁলোকৰ চতুৰ্থ সন্তান ।

দুই দৃষ্টিহীনৰ জীৱনলৈ আহিল দৃষ্টিৰাণী

তেওঁলোক যেনেকৈ গীতৰ লগত জড়িত, ঠিক তেনেকৈ কণমানি দৃষ্টিৰাণীকো সংগীতৰ জগতখনলৈ অনাৰ আশা পুহি ৰাখিছে । উল্লেখ্য যে শাৰীৰিকভাৱে অক্ষম হৈও সমাজৰ বাবে যি নিদৰ্শন দাঙি ধৰিছে, তাৰবাবে সকলোৰে আৰ্দশ হৈ পৰিছে এই দম্পত্তিহাল ।

শাৰীৰিকভাৱে অক্ষম হৈ নিজ সন্তানৰ জৰিয়তে নিজৰ লগতে আন দহজনক পোহৰ বিলোৱাৰ বাবে অজস্ৰ আশা পুহি ৰখা দম্পত্তিহালক সহায়ৰ বাবে আহক আমি সকলো আগবাঢ়ি যাওঁ ।

Your Comments