সোণাৰিত পথ অৱৰোধ : আৰক্ষী বিষয়াৰ ভাবুকিত উত্তপ্ত পৰিস্থিতি

সোণাৰিত পথ অৱৰোধ : আৰক্ষী বিষয়াৰ ভাবুকিত উত্তপ্ত পৰিস্থিতি

সোণাৰিৰ পৰা ঘন বৰা

চৰাইদেউ জিলাৰ সোণাৰিত বুধবাৰে নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা দুই সংগঠনৰ লগতে স্হানীয় ৰাইজক সোণাৰি আৰক্ষী থানাৰ বিষয়াই ভাবুকি দিয়াত নিশায়ে সোণাৰি ভজো সংযোগী পথ অৱৰোধ কৰে যুৱ-ছাত্ৰ পৰিষদ আৰু টাইপাৰ লগতে স্হানীয় জনতাই ।

উল্লেখ্য যে সংগঠন দুটাই স্হানীয় ৰাইজৰ সহযোগত জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত ১৫ ছেপ্টেম্বৰৰ পৰা গধুৰ যান-বাহনসমূহ চলাচলত বাধা প্ৰদান কৰি অহাৰ সময়তে সোণাৰি থানাৰ বিষয়াগৰাকীয়ে প্ৰতিবাদ উঠাই ল'বলৈ সংগঠন দুটাৰ কৰ্মকৰ্তাক ভাবুকি প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ।

ইফালে প্ৰশাসন তথা শিলগুটি মাফিয়া-ঠিকাদাৰৰ কথা মতে আৰক্ষীয়ে প্ৰতিবাদকাৰীক ভাবুকি প্ৰদান যদি কৰিছে তেন্তে ৰাইজৰ স্বাৰ্থত আৰু ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ দিয়ে সংগঠনৰ নেতাসকলে ।

Your Comments