বটদ্রৱা শ্রীশ্রী শংকৰদেৱ মহাবিদ্যালয়ত নৱাগত আদৰণী সভা আৰু ফাতেহা-ই-দোৱাজ দাহম উদ্‌যাপন

বটদ্রৱা শ্রীশ্রী শংকৰদেৱ মহাবিদ্যালয়ত নৱাগত আদৰণী সভা আৰু ফাতেহা-ই-দোৱাজ দাহম উদ্‌যাপন

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ অগ্রণী শিক্ষানুষ্ঠান বটদ্ৰৱা শ্রীশ্রী শংকৰদেৱ মহাবিদ্যালয়ত যোৱা ২৪ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা নৱাগত আদৰণী সভা আৰু ফাতেহা-ই-দোৱাজ দাহম অনুষ্ঠানৰ আজি সামৰণি পৰে ।

২৪ ছেপ্টেম্বৰৰ পুৱা ছহিদ তৰ্পণৰ পাছতে মহাবিদ্যালয়খনৰ ছাত্র-ছাত্রীসকলে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রাৰে বটদ্রৱা অঞ্চল প্ৰদক্ষিণ কৰে ।

দুপৰীয়া ১ বজাৰ পৰা মহাবিদ্যালয় প্রাংগণত অনুষ্ঠিত নৱাগত আদৰণী সভাখনিত সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ হবিবুৰ ৰহমানে ।

অধ্যাপিকা ৰাণি বৰাই উদেশ্য ব্যাখ্যা কৰা সভাখনিত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি মহাবিদ্যালয়খনৰ প্রতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰা আৰু 
নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ কুঞ্জমোহন ভূঞাই সাৰুৱা ভাষণ প্রদান কৰে ।

জুনুকা মহন্ত আৰু তেওৰ সংগীবৃন্দই বৰগীত পৰিবেশন কৰা অনুষ্ঠানটিত মহাবিদ্যালয়খনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্রী স্বাগতা ৰৌণক আৰু 
নাজিৰুল ইছলামক গামোচা, কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয় ।

২৫ ছেপ্টেম্বৰৰ দিনা মহাবিদ্যালয়খনৰ ছাত্র-ছাত্রীসকলে পৰিবেশন কৰা গীত, নৃত্য, নাটক আৰু সৌন্দৰ্য প্রতিযোগিতাৰ সমাহাৰেৰে এক বাৰেৰহণীয়া 
সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানটিৰ আঁতধৰে অধ্যাপক শ্বৰিফুল ইছলামে ।

আজি ২৬ ছেপ্টেম্বৰৰ দিনা ফাতেহা–ই-দোৱাজ দাহম উপলক্ষে পুৱা কোৰাণ পাঠ, গজল, জিকিৰ-জাৰী প্রতিযোগিতাৰ পাছতে দুপৰীয়া ১ বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে বটদ্রৱা শ্রীশ্রী শংকৰদেৱ মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাই ।

ৰূপহী মহাবিদ্যালয়ৰ আৰবী বিভাগৰ অধ্যাপক হাফিজুৰ ৰহমান আৰু ইলিয়াছ আহমেদে নিমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকি সাৱলীল ভাষণেৰে বিশ্বনবী হজৰত মহম্মদৰ মানৱতাবাদী আদৰ্শৰ ওপৰত আলোকপাত কৰাৰ লগতে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱকো স্মৰণ কৰে ।

অধ্যক্ষ হবিবুৰ ৰহমান, অধ্যাপিকা বীণা কলিতা, অধ্যাপক দেৱজিৎ মহন্ত, শ্বৰিফুল ইছলাম, ধূপগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ লক্ষ্যধৰ তালুকদাৰে ভাষণ 
প্রদান কৰা অনুষ্ঠানটিত মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীবৃন্দ, ছাত্র-ছাত্রী আৰু কেইবাগৰাকী অতিথি উপস্থিত আছিল ।

অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আজি মহাবিদ্যালয়খনৰ এখনি প্রাচীৰ পত্রিকাও উন্মোচন কৰা হয় ।

Your Comments