তামুলপুৰৰ পৰা অভিজিৎ তালুকদাৰ
তামুলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত সম্প্ৰতি আহিনৰ বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । আজি কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বৃদ্ধি পাইছে পাগলদিয়া আৰু দিমিলা নদীৰ পানী ।
দুয়োখন নদীৰ বাঢ়নী পানী বিপদ সীমাৰ ওপৰেৰে বৈছে আৰু এই পানীয়ে বুৰাই পেলাইছে তামুলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰবিলা, গুৱাকুচি, চলিকান্দা, অময়াপুৰ আদিকে ধৰি কেইবাখনো গাঁও ।
জলমগ্ন হৈ পৰিছে চৌদিশ । খেতিপথাৰ পানীত ডুব যোৱাৰ লগতে কেইবাটাও পৰিয়ালৰ গৃহ পানীয়ে বুৰাই পেলাইছে । হাহাকাৰ লাগিছে জনসাধাৰণৰ মাজত । আশ্ৰয় বিচাৰি ঘৰ এৰিছে কেইবাটাও পৰিয়ালে ।
ইপিনে বানপানীৰ ফলত কেইবাখনো শিক্ষানুষ্ঠান ডুব গৈছে । ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে ছাত্র-ছাত্ৰীসকল ।
তদুপৰি, ডিমলীয়া নদীৰ বাঢ়নী পানীয়ে তামুলপুৰৰ পৰা অময়াপুৰ হৈ ধমধমালৈ যোৱা পথত থকা দলংখন উটুৱাই লৈ যায় । ফলত বিছিন্ন হৈ পৰে যোগাযোগ ব্যৱস্থা ।
- Log in to post comments
- 18 views