শিক্ষা বিভাগত অৰাজকতা : উত্তৰ লখিমপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সংবাদমেল

শিক্ষা বিভাগত অৰাজকতা : উত্তৰ লখিমপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সংবাদ মেল

নাৰায়ণপুৰৰ পৰা অভিজিৎ হাজৰিকা

শিক্ষাবৰ্ষ শেষ হ'বলৈ আৰু মাথোঁ তিনিমাহ বাকী থকা অৱস্থাতো লখিমপুৰ জিলাৰ ১০৭খন বিদ্যালয়ে পোছাক আৰু মধ্যাহ্ন ভোজনৰ প্ৰাপ্য ধন আদায় নাপালে ৷ এচাম অসাধু বিষয়া-কৰ্মচাৰীৰ বাবেই জিলাখনৰ শিক্ষা বিভাগত অৰাজক পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে একাংশ শিক্ষাগুৰুৱে ওভতগোৰে নাচিবলৈ সুবিধা পাইছে ৷

নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ পৰাগ কুমাৰ দাস স্মৃতি ভৱনত আজি বিয়লি উত্তৰ লখিমপুৰ মহকুমা আৰু নাৰায়ণপুৰ খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ যৌথ উদ্যোগত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰে উত্তৰ লখিমপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰবীণ শইকীয়াই ৷

ছাত্র-ছাত্রীক গুণগত শিক্ষা প্ৰদান কৰিবলৈ শিক্ষক অভিজ্ঞ হ'ব লাগিব বুলি উল্লেখ কৰি সম্পাদকগৰাকীয়ে কয় যে বিদ্যালয়সমূহৰ পাঠদান ঠিক মতে হৈছেনে নাই সেই দিশত চোৱাচিতা কৰিবলৈ শিক্ষা বিষয়াই সময়মতে পৰিদৰ্শন কৰিব লাগে, যিটো বৰ্তমান সময়ত হৈ উঠা নাই ৷

শিক্ষা বিভাগত অৰাজকতা : উত্তৰ লখিমপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সংবাদ মেল

বিশেষকৈ নাৰায়ণপুৰ শিক্ষা খণ্ডৰ ভাৰপাপ্ত শিক্ষা বিষয়াগৰাকী শিক্ষা বিভাগৰ লগতে এন আৰ চিকে ধৰি বিভিন্ন কামত জড়িত হৈ পৰাত শিক্ষা খণ্ডটোৰ কাৰ্যালয়টোত চৰম অৰাজকতাৰ সৃষ্টি হৈছে ৷

অন্যহাতে, যোৱা ২৯ জুলাইত উত্তৰ নাৰায়ণপুৰ খণ্ডত এছ আই হিচাপে যোগদান কৰা হৰিপ্ৰসাদ দাসে কাৰ্যালয় তথা নিজৰ এলেকাত উপস্থিত নাথাকি বিভিন্ন অজুহাত দেখুৱাই এলেকাধীন শিক্ষক-শিক্ষয়ত্রীসকলক ব্লেকমেইল কৰি আহিছে বুলি গুৰুতৰ অভিযোগ তুলিছে সন্মিলনীয়ে ৷

নাৰায়ণপুৰ শিক্ষা খণ্ডত ৪জন এছ আইৰ প্ৰয়োজন যদিও বৰ্তমান এজনেই কাম চলাই আছে ৷ যাৰবাবে শিক্ষকসকলৰ দৰমহা-জৰুৰী ছুটী আদিৰ ক্ষেত্রত দুৰ্ভোগ ভুগি আহিছে ৷ ইফালে অৱসৰৰ পাছতো ৭ মাহ পৰ্যন্ত কোনো শিক্ষকে দৰমহা লৈ থকা কথাটোতো সন্মিলনীয়ে আশ্চৰ্য প্ৰকাশ কৰি এইটো কাৰ্যালয়ৰ চূড়ান্ত বিশৃংখলা বুলি উল্লেখ কৰে ৷

শিক্ষা বিভাগত অৰাজকতা : উত্তৰ লখিমপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সংবাদ মেল

অন্যহাতে, চৰকাৰৰ ৩০:১ অনুপাতকো তীব্ৰ সমালোচনা কৰে ৷ মহকুমাটোৰ বহু বিদ্যালয়ত আজিও আন্তঃগাঁথনি উন্নত নোহোৱাত চৰকাৰী বিদ্যালয়ত অভিভাৱকসকলে নিজৰ সন্তানক নামভৰ্তি কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে বুলি উল্লেখ কৰাৰ উপৰি বহু বিদ্যালয়ৰ আজিপৰ্যাপ্ত শ্ৰেণীকোঠা নাই বুলি ক্ষোভ প্ৰকাশ কৰে ৷

প্ৰণিধানযোগ্য যে নাৰায়ণপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকীক এন আৰ চিৰ কামৰ পৰা অব্যাহতি দিবলৈ সন্মিলনীয়ে উপায়ুক্তক আবেদন দিছিল যদিও গুৰুত্ব নিদিয়া বুলি গুৰুতৰ অভিযোগ তোলাৰ লগতে বিষয়াগৰাকী একাধিক কামত জড়িত থকাত শিক্ষা খণ্ডটোত শৈক্ষিক পৰিৱেশ অৱনমিত হোৱাৰ লগতে শিক্ষা বিষয়া কাৰ্যালয়তো চৰম বিশৃংখলতা সৃষ্টি হৈছে বুলি সন্মিলনীৰ বিষয়ববীয়াসকলে উল্লেখ কৰে ৷

আজিৰ সংবাদমেলত উত্তৰ লখিমপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি প্ৰতাপ পালেং, সম্পাদক প্ৰবীণ শইকীয়া, সহ:সম্পাদক জয়ন্ত বৰুৱা, ৰাজ্যিক সদস্য বন্তি বৰা, নাৰায়ণপুৰ খণ্ডৰ সভাপতি মুনীন্দ্ৰ ভূঞা, সম্পাদক অজয় গগৈ, সদস্য ক্ৰমে দীপক শইকীয়া, ভবেন কাকতি আৰু কোষাধ্যক্ষ প্ৰদীপ বৰাকে ধৰি যথেষ্টসংখ্যক বিষয়ববীয়া উপস্থিত থাকে ৷
 

Your Comments