নাবালিকাক যৌন আতিশয্যৰ অভিযোগত পলাতক অপৰাধীক আটক আৰক্ষীৰ

নাবালিকাক যৌন আতিশয্যৰ অভিযোগত পলাতক অপৰাধীক আটক আৰক্ষীৰ

লংকাৰ পৰা মনোজ কুমাৰ পাঠক

এগৰাকী নাবালিকাক যৌন আতিশয্য চলোৱাৰ অভিযোগত বিগত চাৰি মাহে পলাতক হৈ আদালতত জামিন লাভৰ বাবে যোৱাৰ সময়তে আটক হ'ল মদন ৰাজখোৱা নামৰ এজন পশুপালন বিভাগৰ কৰ্মচাৰী ।

নাবালিকাক যৌন আতিশয্যৰ অভিযোগত পলাতক অপৰাধীক আটক আৰক্ষীৰ

হোজাইৰ শংকৰদেৱ নগৰ আদালতত জামিনৰ যো-জা কৰি উপস্থিত হোৱাৰ সময়তে এইজন পলাতক আতিশয্যকাৰীক কাকী আৰক্ষীয়ে আটক কৰে । কাকী আৰক্ষী থানাৰ অন্তৰ্গত মধুপুৰ বনগাঁৱৰ ৰাধেশ্যাম দাস নামৰ লোকজনৰ ১৪বছৰীয়া নাতিনীগৰাকীক মদন ৰাজখোৱা নামৰ পশুপালন বিভাগৰ কৰ্মচাৰীজনে ঘৰত কোনো নথকাৰ সুযোগত অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰা বুলি কাকী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল ।

কাকী থানাৰ ৮৪/২০১৮,পক্সো আইনত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল ৷ বিগত ২০/৫/১৮ তাৰিখে কাকী আৰক্ষী থানাত পঞ্জীয়নভুক্ত হোৱা উক্ত গোচৰত অভিযুক্ত মদন ৰাজখোৱাক বিচাৰি ফুৰে যদিও তেতিয়াৰে পৰা পলাতক হৈ আছিল ৰাজখোৱা ।

কালি জামিন লাভৰ বাবে হোজাই জিলাৰ শংকৰদেৱ নগৰৰ আদালতলৈ যোৱাৰ খবৰ লাভ কৰি আৰক্ষীয়ে আটক কৰে পাষণ্ডটোক ।

ধৃত মদন ৰাজখোৱাক যৌন নিৰ্যাতনৰ পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি কাকী আৰক্ষীয়ে শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰাব বুলি জানিবলৈ দিয়ে ।

Your Comments