বিশ্বনাথ চাৰিআলিৰ অ'ৰিয়েণ্ট ফ্লাৱাৰ কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী চিম্পি বৰাৰ মননশীল কাহিনীৰে সমৃদ্ধ 'আশাৰ ৰেঙণিৰে জ্বলি উঠা চাকিগছি" পুথিখন আজি উন্মোচন কৰা হয় ।
বিশ্বনাথ চাৰিআলি সাহিত্য সভা ভৱনত বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰভাত চন্দ্ৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত ছাত্ৰীগৰাকীৰ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ইন্দ্ৰ প্ৰসাদ শইকীয়াই ।
অ'ৰিয়েণ্ট ফ্লাৱাৰ কনিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত সভাত বিশিষ্ট নাট্যকাৰ তৰুণ শইকীয়া, বিশ্বনাথৰ পৌৰপতি ৰুলী শৰ্মা, বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি হিৰণ্য হাজৰিকা, ৰত্ন বছনেট, হৃদয়ানন্দ দাস, পুতুকণ বৰা, ভূপেন দাধৰা, ৰোহিত সোণৰ মালাকাৰ, হীৰেণ বৰা, কমল চন্দ্ৰ ভূঞা, অপূৰ্ব কুমাৰ দাস, যোগেন শৰ্মা, অধ্যক্ষ মীনা দেৱী, হৰিদেৱ মহন্ত, ৰত্ন কিংকৰ গোস্বামী আদিয়ে বক্তব্য আগবঢ়ায় ।
সভাত বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰাণা প্ৰসাদ হাজৰিকাই ভাষা শুদ্ধ ৰূপত ক'ব আৰু লিখিব পৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ সামাজিক দায়িত্ববোধ বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে বানানৰ শুদ্ধতাৰ ওপৰত গুৰুত্ব দিয়ে ।
মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজ উপস্থিত থকা সভাখনত আন্তঃৰাষ্ট্ৰীয় কৰাটে প্ৰতিযোগিতাত স্বর্ণ পদক লাভ কৰা হৃদয়ানন্দ দাসক সম্বৰ্ধনা জনোৱা হয় ।
ঢলাইবিলৰ প্ৰদীপ বৰা আৰু ৰিণু বৰাৰ কন্যা চিম্পীৰ এনে প্ৰচেষ্টাৰ শলাগ লৈছে ৰাইজে । মহাবিদ্যালয়ৰ ফালৰ পৰা ছাত্ৰীগৰাকীক এখন হেমকোষ উপহাৰ হিচাপে দিয়া হয় ।
- Log in to post comments
- 19 views