কামপুৰত হাতী-মানুহৰ সংঘাত সম্পৰ্কীয় আলোচনা-চক্ৰ

কামপুৰত হাতী-মানুহৰ সংঘাত সম্পৰ্কীয় আলোচনা-চক্ৰ

আজি কামপুৰ গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়ত হাতী-মানুহৰ সংঘাত সম্পৰ্কীয় এখন আলোচনা-চক্ৰ অনুষ্ঠিত হয় । নগাঁও বন সংমণ্ডলৰ অধীনত, কামপুৰ বন আঞ্চলিক কাৰ্যলয়ৰ সৌজন্যত অনুষ্ঠিত সভাখনত অঞ্চলটোৰ বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে ।

কামপুৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি ধৰ্মেশ্বৰ কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভাষণ প্ৰসংগত কামপুৰ পশুচিকিৎসালয়ৰ চিকিৎসক ডাঃ মনোজ লস্কৰে কয় যে জনসংখ্যা বৃদ্ধি, অন্ধবিশ্বাস আৰু হাতীৰ খাদ্য অভাৱে হাতী-মানুহৰ সংঘাত বৃদ্ধিৰ মূল কাৰক ।

তেওঁ বনাঞ্চল বেদখল বন্ধ কৰাৰ বাবে প্ৰশাসন আৰু বন বিভাগক দাবী জনায় । কামপুৰ ৰাজহ চক্ৰ বিষয়া ৰশ্মি বৰুৱা গগৈয়ে কয় যে হাতী-মানুহৰ সংঘাত থাকিবই ৷ কিন্ত ই যাতে অধিক বেয়া পৰস্থিতিলৈ নাযায় তাৰ ওপৰত গুৰুত্ব দিব লাগে ।

তেওঁ গ্ৰাম্য এলেকাত সজাগতা সভা অনুষ্ঠিত কৰাৰ বিষয়ে মন্তব্য কৰে । সভাখনত কামপুৰ বন আঞ্চলিক বিষয়া বিনোদ বিহাৰী সিংহ, বাহাকাবাৰী উচ্চতৰ মাধ্যমিকৰ প্ৰাক্তন অধ্যক্ষ তুলসী মোহন বৰা, কামপুৰ ষ্টেচন মাষ্টৰ এছ কুমাৰ, যমুনামুখ ৰে'ল ষ্টেচনৰ ষ্টেচন মাষ্টৰ মুকুট দাস আদি উপস্থিত থাকে ।

Your Comments