সোণাৰিত দুৰ্নীতি তদন্তৰ দাবীত তিনি সংগঠনৰ প্ৰতিবাদ

সোণাৰিত দুৰ্নীতি তদন্তৰ দাবীত তিনি সংগঠনৰ প্ৰতিবাদ

সোণাৰিৰ পৰা ঘন বৰা

চৰাইদেউ জিলাৰ সোণাৰি আৰু সাপেখাতী উন্নয়ন খণ্ডত ব্যাপক হাৰত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত আৰু দোষীক কঠোৰ শাস্তিৰ দাবীত আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু আটাছুৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

সোণাৰিত দুৰ্নীতি তদন্তৰ দাবীত তিনি সংগঠনৰ প্ৰতিবাদ

কিছু দিনৰ পূৰ্বে সোণাৰিৰ গ্ৰীণভিউ হোটেলত পঞ্চায়ত সচিবৰ পৰা উৎকোচ লোৱাৰ সময়তে আৰক্ষীয়ে হাতে-লোটে আটক কৰিছিল পাঁচজনকৈ গাণনিকক ।

ইফালে দুৰ্নীতি গাপ দিবলৈ উৎকোচ দিয়া কাৰ্যত স্বয়ং অভয়পুৰ আৰু সাপেখাতী উন্নয়ন খণ্ডৰ বিডিঅ'গৰাকী জড়িত থকা বুলি দাবী কৰি তিনিটাকৈ সংগঠনে সোণাৰি লাচিত উদ্যানত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বিষয়াগৰাকীৰ লগতে দুৰ্নীতিত জড়িত সকলোকে তদন্ত কৰিবৰ বাবে দাবী জনায় ।

Your Comments