খোৱাপানীৰ অবৈধ ৰমৰমীয়া বেহা কলাইগাঁৱত

খোৱাপানীৰ অবৈধ ৰমৰমীয়া বেহা কলাইগাঁৱত

কলাইগাঁও চহৰৰ মাজমজিয়াত দৰঙৰ একুৱা পিঅ'ৰ নামৰ পানীৰ ব্ৰেণ্ডৰ অবৈধ পানীৰ ৰমৰমীয়া বেহা উন্মোচিত হৈছে । চালানবিহীনভাৱে কলাইগাঁৱৰ ধান মিলৰ স্বত্ত্বাধিকাৰী এজনৰ মিলৰ সন্মুখভাগতে ৰমৰমীয়া ব‍্যৱসায় কৰি থকাৰ খবৰ পোৱাত মিলত সাংবাদিকৰ এটা দল উপস্থিত হোৱাত সকলো তথ‍্য পোহৰলৈ আহিছে ।

সাংবাদিকৰ কেমেৰা দেখি পানীৰ বটলসমূহ নিজা টাটা মেজিক গাড়ীত ভৰাই আঁতৰ কৰাৰ লগতে সাংবাদিকৰ দলটোৰ সৈতে তৰ্কত লিপ্ত হয় । পানী ক্ৰয় কৰা চালান অথবা কোনো নথি বিচৰাত দেখুৱাব নোৱাৰি একুৱা পিঅ'ৰৰ কোনো ব‍্যক্তিৰ লগত কথা পাতি পুৰণা কেছমেমো বিচাৰি সাংবাদিক দলটোৰ আগত সত‍্যতা প্ৰমাণৰ চেষ্টা কৰে ।

বিশেষ সূত্ৰৰ পৰা জানিব পৰামতে, মিলটোৰ স্বত্ত্বাধিকাৰীয়ে ২০ লিটাৰৰ পানীৰ বটলসমূহত বিশুদ্ধ পানীৰ পৰিৱৰ্তে অশুদ্ধ পানী ভৰাই ৰাইজক প্ৰতাৰণা কৰি আহিছে । এটা কোম্পানীয়ে কেনেদৰে চালানবিহীনভাৱে পানী ক্ৰয়-বিক্ৰয় কৰি আছে সেয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে ।

দৰং প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষৰ নীৰৱ দৰ্শকৰ ভুমিকাৰ বাবেই এনেদৰে কোনো নথি নোহোৱাকৈ কৰ ফাঁকি দি ৰমৰমীয়া ব‍্যৱসায় চলাই আছে ।

এই ক্ষেত্ৰত সকলো পক্ষ সচেতন হ'বনে ? সেয়া সময়ে নিৰ্ধাৰণ কৰিব ৷
 

Your Comments