লংকাৰ পৰা মনোজ কুমাৰ পাঠক
মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্মজয়ন্তী উপলক্ষে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ শিক্ষা পৰিষদে ২৬ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ দেশজুৰি বিএড কলেজসমূহত উদ্যাপন কৰিবলৈ লোৱা 'নয়ি তালিম উইক এডুকেচন এছপেক্টছ' কাৰ্যসূচী লংকাৰ কৃষ্ণ বৰা বিএড কলেজতো উদ্যাপনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে |
কাৰ্যসূচীৰ অংশ হিচাপে আজি প্ৰথম দিনা কলেজ চৌহদত দুজন ব্যক্তিক সন্মান জনোৱা হয় | লংকাৰ প্ৰবীণ কৃষক হৰিপদ দেৱনাথ আৰু কাঠমিস্ত্ৰী শান্তা সিঙক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই তেওঁলোকে সমাজলৈ আগবঢ়োৱা শ্ৰমৰ স্বীকৃতি প্ৰদানৰ প্ৰয়াস কৰে |
বিএড কলেজৰ ছাত্ৰ-ছাত্ৰী, অধ্যক্ষ আৰু শিক্ষকসকলৰ উপস্হিতিত অনুষ্ঠিত প্ৰাতঃসভাত এই সম্বৰ্ধনা জ্ঞাপন কৰা হয় | উল্লেখ্য যে
২ অক্টোবৰলৈকে 'নয়ি তালিম উইক এডুকেচন এছপেক্টছ'ৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব কৃষ্ণ বৰা বিএড কলেজত |
- Log in to post comments
- 20 views