দৰঙত বাঢ়নী পানীয়ে ছিঙিলে নোৱানৈৰ মথাউৰি

দৰঙত বাঢ়নী পানীয়ে ছিঙিলে নোৱানৈৰ মথাউৰি

মঙলদৈৰ পৰা উজ্জ্বলজ্যোতি ডেকা

মঙলবাৰৰ পৰা হোৱা মূষলধাৰ বৰষুণৰ ফলত দৰঙৰ বঢ়মপুৰৰ নোৱানৈৰ মথাউৰিৰ এটা অংশ আজি পুৱা ছিঙি যোৱাৰ ফলত কেইবাখনো গাঁও প্লাৱিত হয় ।

ভূটানত হোৱা প্ৰবল বৰষুণৰ ফলতেই জলপৃষ্ঠ বৃদ্ধি হৈ বাঢ়নী পানীৰ প্ৰবাল সোঁতে ছিঙিলে বঢ়মপুৰৰ  নোৱানৈৰ ১০ মিটাৰ এই মথাউৰি অংশ ।

এতিয়া বঢ়মপুৰৰ প্ৰায় ১০খন ৰাজহ গাঁও পানীৰ তলত । বাঢ়নী পানীয়ে পাছলৈ আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ শংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

এই পৰ্যন্ত খবৰ নাই স্থানীয় জনপ্ৰতিনিধিৰ ।

Your Comments