বঙাইগাঁৱত ভাৰতীয় তেল নিগমে আগবঢ়োৱা শৌচালয়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ

বঙাইগাঁৱত ভাৰতীয় তেল নিগমে আগবঢ়োৱা শৌচালয়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ

বঙাইগাঁৱৰ পৰা প্ৰণৱ কুমাৰ ডেকা

ভাৰতীয় তেল নিগমৰ অসম ৰাজ্যিক কাৰ্যালয়ে পালন কৰা স্বচ্ছতা পষেকৰ অংশ হিচাপে 'স্বচ্ছতাই সেৱা'ৰ অধীনত বঙাইগাঁৱৰ বীৰঝৰা ছোৱালী উচ্চ বিদ্যালয়, বঙাইগাঁও ৰে'লৱে' উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পুৰণি বঙাইগাঁও উচ্চ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিদ্যালয় চৌহদত অতিৰিক্ত শৌচালয় নিৰ্মাণৰ ব্যৱস্থা কৰিছে৷

এক কোটি টকা ব্যয়সাপেক্ষে তিনিওখন বিদ্যালয়ত নিৰ্মাণ কৰিবলৈ লোৱা শৌচালয়ৰ মঙলবাৰে আবেলিৰ ভাগত আধাৰশিলা স্থাপন কৰে খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ।

বঙাইগাঁৱত ভাৰতীয় তেল নিগমে আগবঢ়োৱা শৌচালয়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ

আধাৰশিলা স্থাপনৰ পূৰ্বে বঙাইগাঁও বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত এখন সভাত শৌচালয় নিৰ্মাণৰ কাম হাতত লোৱা ভাৰতীয় তেল নিগমৰ ৰাজ্যিক মুখ্য মহাপ্ৰৱন্ধক উত্তিয় ভট্টাচাৰ্যই ছাত্ৰ-ছাত্ৰীৰ বাবে বিদ্যালয়ত শৌচালয়ৰ প্ৰয়োজনীয়তা সম্পৰ্কে চমু বক্তব্য দাঙি ধৰে ।

লগতে ভাৰতীয় তেল নিগমে স্বচ্ছতাই সেৱা প্ৰচাৰ অভিযানৰ অধীনত সমগ্ৰ ৰাজ্যত এই স্বচ্ছতা পষেকত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ব্যক্ত কৰে ৷ তেঁও ভাৰতীয় তেল নিগম যদিওবা কেৱল তৈল প্ৰতিষ্ঠান তথাপিতো সৌৰশক্তি ব্যৱহাৰৰ ওপৰত কাম কৰি থকাৰ লগতে প্লাষ্টিকৰ বিৰুদ্ধে কাম কৰি থকা বুলিও কয় ৷

ৰাজ্যিক উপ-মহাপ্ৰৱন্ধক (চি এইচ আৰ) দিগন্ত ঠাকুৰীয়াই আঁতধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে বিদ্যালয় তিনিখনৰ সমস্যা সমাধানৰ বাবে এইদৰে পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ পৰা ভাৰতীয় তেল নিগমে আগবাঢ়ি আহি শৌচালয় নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে নিগমক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷

তেওঁ লগতে কয়, 'আমাৰ ওচৰতে বঙাইগাঁও শোধনাগাৰ আছে যদিও এই অঞ্চলটোৱে  যেনেধৰণে সা-সুবিধা লাভ কৰিব লাগিছিল তেনেধৰণে লাভ কৰিছেনে নাই সেয়া নিশ্চয় ৰাইজে বিচাৰ কৰিব ৷'

মন্ত্ৰী চৌধুৰীয়ে আৰু কয় যে এই বিদ্যালয়সমূহক আগবঢ়াই নিয়াৰ বাবে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি তথা আন সমস্যাসমূহ সমাধান কৰাৰ বাবে চৰকাৰৰ তৰফৰ পৰাই হওক বা অন্যান্য প্ৰতিষ্ঠান আদিৰ পৰাই হওক তেওঁলোকক অনুৰোধ কৰি সমাধান কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে ৷

কিন্তু কথা হ'ল, কেৱল লাখ লাখ টকা খৰচ কৰি বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ সমস্যা সমাধান কৰাটোৱেই কেৱল লক্ষ্য আৰু উদ্দেশ্য নিশ্চয় হ'ব নোৱাৰে ৷ সেয়ে আমি আশা কৰিম বিদ্যালয়সমূহত স্বচ্ছ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে যাতে শিক্ষাৰ পৰিৱেশ এটাও সৃষ্টি হয় তাৰবাবেও শিক্ষক-শিক্ষয়িত্ৰীসকলে মনোনিবেশ কৰিব লাগিব ৷

বঙাইগাঁৱত ভাৰতীয় তেল নিগমে আগবঢ়োৱা শৌচালয়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ

লগতে পৰীক্ষাৰ ফলাফলৰ ওপৰতো গুৰুত্ব দিব লাগিব বুলিও কয় ৷ তেওঁ এই প্ৰসংগত ব্যক্তিগত আৰু চৰকাৰী বিদ্যালয়ৰ পৰীক্ষাৰ ফলাফলৰ ব্যৱধান দূৰ কৰাৰ ক্ষেত্ৰত চৰকাৰী বিদ্যালয়ৰ সকলো শিক্ষকৰে সহযোগিতা কামনা কৰি কয় যে চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ মাজত যাতে কোনেও পাৰ্থক্য দেখা নাপায় এই ব্যৱস্থাটো আমি কৰিব লাগিব ৷

যেতিয়াই আমি এই ব্যৱস্থাটো কৰিবলৈ সক্ষম হ'ম তেতিয়াই দেখিব যে মাতৃভাষাৰ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হবলৈ আৰম্ভ কৰিছে ৷ পূৰ্বে চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক আছিল যদিও লাহে লাহে কমি যোৱাৰ মূল কাৰণ হ'ল চৰকাৰী বিদ্যালয়সমূহে অভিভাৱকসকলক যেনেধৰণে আকৃষ্ট কৰিব লাগে তেনেধৰণে আকৃষ্ট কৰিব পৰা নাই ৷

ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ে হওক অথবা অন্যান্য মাতৃভাষাৰ বিদ্যালয়ে হওক, অভিভাৱকসকলক আকৃষ্ট কৰিব পাৰিছে ৷ গতিকে এই ব্যৱস্থা তথা পাৰ্থক্যটো নোহোৱা হোৱাটো আমাৰ সকলোৰে কাৰণে মংগল ৷

সেয়ে এই ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকসকলে মনোনিবেশ কৰিব আৰু তাকে কৰিলে নিশ্চয় কিছু হ'লেও সফল হ'ব পাৰিম ৷ সভাত উপায়ুক্ত বাবুলাল শৰ্মা, জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাদুল্লা খান, অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ঔৱাৰী, ৰে'লৱে' উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা গীতা দেৱী, পুৰণি বঙাইগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দন কিশোৰ ৰায় তথা বীৰঝৰা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উপস্থিত থকাৰ লগতে বক্তব্য ৰাখে ৷

বিদ্যালয় তিনিখনৰ অধ্যক্ষা আৰু প্ৰধান শিক্ষকদ্বয়ে তেল নিগমৰ মুখ্য মহাপ্ৰৱন্ধকক বিদ্যালয় তিনিখনলৈ আগবঢ়োৱা সুবিধাৰ বাবে কৃতজ্ঞতাও জ্ঞাপন কৰে ৷ অনুষ্ঠানত ভাৰতীয় তেল নিগমৰ কে'বাগৰাকীও বিষয়াৰ লগতে বিদ্যালয় তিনিখনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰী উপস্থিত থাকে ৷

সভাৰ অন্তত স্বচ্ছতা বিষয়ক বাটৰ নাট এখনো প্ৰদৰ্শিত হয় ৷

Your Comments