মাজুলীত এতিয়া মৃত্যুৰ কিৰিলি : গাড়ীত প্ৰসৱিত নৱজাতকৰ মৃত্যু

মাজুলীত এতিয়া মৃত্যুৰ কিৰিলি : গাড়ীত প্ৰসৱিত নৱজাতকৰ মৃত্যু

শেহতীয়াকৈ মুখ্য মন্ত্ৰীৰ মাজুলীত ৰাজপথত প্ৰসৱ হোৱা, প্ৰসূতি মহিলাক ঠেলাৰে চিকিৎসালয়লৈ লৈ যোৱা আদি ঘটনাই প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ সময়তে কালি পুনৰ স্বাস্থ্য আৰু গড়কাপ্তানী বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে মালবাহী ট্ৰাকত বোকাজান গাঁও নিবাসী পূৰ্ণিমা কামান নামৰ প্ৰসূতিগৰাকীয়ে জন্ম দিয়া এটি দেৱশিশুৰ মৃত্যু হয় ।

সেই লৈ এতিয়া সমগ্ৰ মাজুলীত উত্তেজনাৰ সৃষ্টি হৈছে । জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত শ্ৰীৰাম গাঁও পঞ্চায়তৰ ভিতৰুৱা পিছপৰা অঞ্চল বোকাজান গাঁও নিবাসী অনন্ত কামানৰ পত্নী পূৰ্ণিমা কামানে  সোমবাৰে নিশা প্ৰায় ৮ বজাত প্ৰসৱ বেদনাত চট্‌ফটাই থাকে নিজৰ ঘৰতে ।

পৰিয়ালৰ লোকে মহিলাগৰাকীক চিকিৎসালয়লৈ নিবৰ বাবে জৰুৰীকালীন সেৱা ১০৮ৰ লগত যোগাযোগ কৰে যদিও সংযোগ স্থাপন কৰিব নোৱাৰে ৷ ফলত মালবাহী ট্ৰাকতে চিকিৎসালয়লৈ লৈ যায় ।

মাজুলীত এতিয়া মৃত্যুৰ কিৰিলি : গাড়ীত প্ৰসৱিত নৱজাতকৰ মৃত্যু

জৰাজীৰ্ণ পথ তথা একাঁঠু বোকা-পানীৰে ভৰা প্ৰায় ৫ কিলমিটাৰ দৈৰ্ঘ্যৰ বাট যোৱাৰ পিছত উজনি মাজুলীৰ ঘুনুচাবাৰী গাঁৱত অতি কৰুণভাৱে এটি দেৱশিশুৰ জন্ম দিয়ে মহিলাগৰাকীয়ে ।

ইপিনে কিনকিনিয়া বৰষুণ দি থকা অৱস্থাতে অস্বাস্হ্যকৰ পৰিৱেশ তথা মুকলি আকাশৰ তলত জন্ম দিয়া দেৱশিশুটিৰ উন্নত চিকিৎসাৰ অত্যন্ত প্ৰয়োজন হৈছিল । পিছে জৰুৰীকালীন সেৱা লাভ নকৰাৰ সমান্তৰালভাৱে যাতায়াত যোগযোগ ব্যৱস্থাৰ পয়ালগা অৱস্থাত চিকিৎসা সেৱা লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত অতি দুৰ্ভাগ্যজনকভাৱে মাকৰ কোলাতে মৃত্যুক আঁকোৱালি ল'লে দেৱশিশুটোৱে ।

এই ঘটনাই মাজুলীৰ স্বাস্থ্য তথা গড়কাপ্তানী বিভাগৰ উন্নয়নৰ ফোঁপোলা ছবিখন পুনৰ স্পষ্ট কৰি তুলিলে । উল্লেখ্য যে এসময়ত মুখ্য মন্ত্ৰীৰ সমষ্টিৰ মানুহ বুলি গৌৰৱ কৰা মাজুলীৰ জনতাই এতিয়া ৰাজপথত প্ৰসৱ হোৱা, ৰোগীক ঠেলাৰে নিয়া, মালবাহী ট্ৰাকত ৰোগীক লৈ যোৱা আদি বিভিন্ন ধৰণৰ ঘটনা শেহতীয়াকৈ মাজুলীত অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাই মাজুলীবাসীক লজ্জানত কৰিছে সমগ্ৰ ৰাজ্যখনত ।

তথাপি কোনো কাণসাৰ নাই চৰকাৰ-প্ৰশাসনৰ । সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ খৰ্ব হোৱা মাজুলীত এতিয়া মৃত্যুৰ কিৰিলি । ডাঙৰ ডাঙৰ উৎসৱ পাতি উন্নয়নৰ ফটাঢোল বজোৱা বিজেপি চৰকাৰৰ কাম-কাজে বাৰুকৈ জ্বলা-কলা খুৱাইছে মাজুলীৰ ৰাইজক ।

অসমৰ স্বাস্থ্য তথা গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দম্ভালি মৰা কথাক এক প্ৰকাৰ প্ৰত্যহ্বান জনালে অনন্ত কামানৰ পৰিয়ালৰ লোকে । মাজুলীৰ যাতায়াতৰ জৰাজীৰ্ণ অৱস্থা তথা স্বাস্থ্য খণ্ডৰ পয়ালগা দৃশ্যই মন্ত্ৰীগৰাকীৰ অন্তৰ চুব পৰা নাই ।

ইফালে দৈনিক কমিছনৰ স্বাৰ্থত মেডিকেল কলেজ স্থাপন কৰা আৰু নিবিদা অবিহনে কামৰ আবণ্টন দিয়া মন্ত্ৰী ডঃ শৰ্মাৰ পদত্যাগৰ দাবী তুলিছে মাজুলীৰ ভুক্তভোগী জনসাধাৰণে ।

Your Comments