সদৌ অসম ফাৰ্মাচিষ্ট সেৱা সন্থা (আপছা)ৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত মঙলবাৰে বঙাইগাঁৱতো "বিশ্ব ফাৰ্মাচিষ্ট দিৱস" উদ্যাপন কৰা হয় ৷
বঙাইগাঁও নাৰ্ছেছ প্ৰশিক্ষণ কেন্দ্ৰত উদ্যাপন কৰা দিৱস উপলক্ষে পুৱাৰ ভাগত বঙাইগাঁও জিলা আপছাৰ সভাপতি ফজলুৰ ৰহমানে পতাকা উত্তোলন কৰি বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷
ইয়াৰ পিছতেই জ্যেষ্ঠ ফাৰ্মাচিষ্ট তথা জিলা আপছাৰ কোষাধ্যক্ষ মানবেন্দ্ৰ দাসৰ উদ্যোগত ফাৰ্মাচিষ্ট বৃত্তিত জড়িত হৈ সেৱা আগবঢ়াই ইতিমধ্যে ইহসংসাৰ ত্যাগ কৰা ফাৰ্মাচিষ্টসকলৰ আত্মাৰ সদ্গতি আৰু চিৰশান্তিৰ বাবে স্মৃতি তৰ্পণ কৰি এক মিনিট সময় মৌনতা অৱলম্বন কৰা হয় ৷
পিছত কাৰ্যসূচীৰ অংশ হিচাপে আপছাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক শ্বহিম উদ্দিন আৰু বঙাইগাঁও জিলা আপছাৰ প্ৰাক্তন সম্পাদক আব্দুল খালেকৰ সহযোগত ৰূপায়ণ কৰা হয় "স্বচ্ছ ভাৰত অভিযান" কাৰ্যসূচী ৷
প্ৰতিকূল বতৰকো নেওচি ৰূপায়ণ কৰা বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ লগত ৰজিতা খুৱাই বঙাইগাঁৱৰ NEVARD মানসিক স্বাস্থ্য ৰিহেবিলিটেচন চেণ্টাৰৰ মানসিকভাৱে দুৰ্বল ৰোগীসকলৰ মাজত ফল-মূলো বিতৰণ কৰা হয় ৷
আনহাতে, বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ লগত সংগতি ৰাখি দুপৰীয়া অনুষ্ঠিত হয় মুকলি সভা ৷ বঙাইগাঁও জিলা আপছাৰ সভাপতি ফজলুৰ ৰহমানৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত ২০১৮ বৰ্ষৰ বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ মূল বিষয় "ফাৰ্মাচিষ্টসকল আপোনাৰ মেডিচিন পাৰ্গত" শীৰ্ষক বিষয়ৰ ওপৰত ব্যাখ্যা আগবঢ়ায় বঙাইগাঁও ঔষধ ভঁৰালৰ ডি ডি এছ এম ফুলুৱাৰ আহমেদ আৰু অৱসৰপ্ৰাপ্ত ফাৰ্মাচিষ্ট কৈলাস বৰ্মনে ৷
বঙাইগাঁও জিলা আপছাৰ সম্পাদক মীৰ হাদিউল হুছেইনে উদ্দেশ্য ব্যাখ্যা কৰা সভাত বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) ধ্ৰুৱজ্যোতি দাসে মুখ্য অতিথি, বঙাইগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰীয়ে বিশিষ্ট অতিথি আৰু বঙাইগাঁও জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ জিলা আচঁনি বিষয়া স্মিতা ৰায়ে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰসংগত স্বাস্থ্য সেৱা বিভাগত গুৰুদায়িত্ব বহন কৰা ফাৰ্মাচিষ্টসকলৰ অৰিহণাৰ ওপৰত বিস্তৃত বক্তব্য আগবঢ়ায় ৷
অনুষ্ঠানত মাণিকপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ফাৰ্মাচিষ্ট হিচাপে কৰ্তব্য পালন কৰি অৱসৰ গ্ৰহণ কৰা প্ৰণৱ ভট্টাচাৰ্যক ফুলাম গামোচা, শৰাই, ছাতি, কলম আৰু সম্বৰ্ধনা-পত্ৰৰে আপছাৰ ফালৰ পৰা বিদায়ী সম্বৰ্ধনা জনোৱা হয়
৷
- Log in to post comments
- 47 views