বিলাসীপাৰা বি এম জুনিয়ৰ কলেজত এন এছ ইউ আইৰ সমিতি গঠন

বিলাসীপাৰা বি এম জুনিয়ৰ কলেজত এন এছ ইউ আইৰ সমিতি গঠন

আগন্তুক ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি এন এছ ইউ আইয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ স্কুল-কলেজত ইয়াৰ সমিতি গঠনৰ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷

বিলাসীপাৰা বি এম জুনিয়ৰ কলেজত এন এছ ইউ আইৰ সমিতি গঠন

ইয়াৰ সমান্তৰালভাৱে বিলাসীপাৰা পশ্চিম সমষ্টিত অসম ৰাজ্যিক এন এছ ইউ আইৰ সাধাৰণ সম্পাদক মস্তোফা জামান ছামিমে ধুবুৰী জিলা এন এছ ইউ আইৰ সহযোগত এই তৎপৰতা অব্যাহত ৰাখিছে ।

বিলাসীপাৰা বি এম জুনিয়ৰ কলেজত এন এছ ইউ আইৰ সমিতি গঠন

এই উপলক্ষে সোমবাৰে দুপৰীয়া বিলাসীপাৰা বি এম জুনিয়ৰ কলেজৰ সাধাৰণ সভাযোগে কলেজখনৰ গোট সমিতি গঠন কৰা হয় । উক্ত সভাত অসম ৰাজ্যিক এন এছ ইউ আইৰ সাধাৰণ সম্পাদক মস্তোফা জামান ছামিম, কোকৰাঝাৰ জিলাৰ এন এছ ইউ আইৰ সভাপতি জয়নুদ্দিন, ধুবুৰী জিলাৰ এন এছ ইউ আইৰ

বিলাসীপাৰা বি এম জুনিয়ৰ কলেজত এন এছ ইউ আইৰ সমিতি গঠন

সাধাৰণ সম্পাদক হাৰুণ আল ৰছিদ আৰু এন এছ ইউ আইৰ বিভিন্ন পৰ্যায়ৰ কৰ্মীসকলৰ উপস্থিতিত বিলাসীপাৰা বি এম জুনিয়ৰ কলেজৰ সভাপতি ফয়জাল হক আৰু আব্দুৰ ৰৌফক উপ-সভাপতি হিচাপে লৈ ৪০জনীয়া গোট সমিতি গঠন কৰা হয় ।

বিলাসীপাৰা বি এম জুনিয়ৰ কলেজত এন এছ ইউ আইৰ সমিতি গঠন

উক্ত সভাত কলেজ কৰ্তৃপক্ষৰ লগতে তিনি শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে । ইফালে বিলাসীপাৰা পশ্চিম সমষ্টিৰ মছলাপাৰা গাঁও পঞ্চায়তত ২৩ ছেপ্টেম্বৰৰ দিনা এন এছ ইউ আইৰ আঞ্চলিক সমিতি গঠন কৰা হয় । 


 

Your Comments