টংলা কলেজৰ ছাত্ৰ মৃচাংকা বসুমতাৰীৰ পাঁচ হত‍্যাকাৰী আৰক্ষীৰ জালত

টংলা কলেজৰ ছাত্ৰ মৃচাংকা বসুমতাৰীৰ পাঁচ হত‍্যাকাৰী আৰক্ষীৰ জালত

ট‌ংলা মহাবিদ‍্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ মৃচাংকা বসুমতাৰীয়ে কিছুদিন পূৰ্বে সহপাঠীৰ আক্ৰমণত মৃত্যুক আঁকোৱালি ল'বলগীয়া হোৱাত তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি হৈছিল । দুৰ্বৃত্তই  নদীৰ দাঁতিত থকা বননিৰ মাজত বাঁহ আৰু গছৰ ডালেৰে কোবাই কোবাই মূমুৰ্ষু অৱস্থাত পেলাই থৈ আহিছিল ।

পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰাত নদীৰ দাঁতিৰ পৰা উদ্ধাৰ কৰি হাস্পতাললৈ অনাত চিকিৎসকে মৃত ঘোষণা কৰে ৷ তাৰ পিছত টংলা আৰক্ষীয়ে হত‍্যাকাৰীৰ সন্ধানত তীব্ৰ অভিযান চলায় ৷

অৱশেষত সোমবাৰে বিপ্লৱ ঘোষ আৰু সঞ্জয় ঘোষ (২১), প্ৰদীপ বৰ্মন (১৮), দিলীপ দাস (২২), সঞ্জয় দাস (১৯) আৰু বলোৰাম সৰকাৰ (২২) নামৰ যুৱককেইজনক হত‍্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ।

ইয়াৰে প্ৰদীপ বৰ্মনক ধৰ্মেনগৰ ৰে'ল ষ্টেচনৰ পৰা আটক কৰাৰ বিপৰীতে তিনিজনক ৰঙিয়াৰ পৰা আটক কৰে । আনহাতে, অভিযুক্ত বিপ্লৱ ঘোষক ওদালগুৰিৰ পৰা আটক কৰা বুলি টংলা আৰক্ষীৰ আৰক্ষী বিষয়া মাণিক বৰমুদৈয়ে সাংবাদিকক জানিবলৈ দিয়ে ।

ইতিমধ‍্যে টংলা আৰক্ষী থানাত ১৪৬/১৮ আই পি চি ৩০২/৩৪ নম্বৰত গোচৰ ৰুজু কৰি অভিযুক্ত ৫গৰাকীকে সোমবাৰে আদালতত হাজিৰ কৰি আৰক্ষীৰ জিম্মালৈ আনিছে ।

Your Comments