বঙাইগাঁৱত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ বিক্ষোভ কাৰ্যসূচী 

বঙাইগাঁৱত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ বিক্ষোভ কাৰ্যসূচী 

ৰাজ্যখনৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলক কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰা মতে মাহিলি ন্যূন্যতম ১৮ হেজাৰ টকাকৈ মজুৰি আদায় দিয়া, মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলক মাননিৰ সলনি মজুৰি আদায় দিয়া, আঁচনিভুক্ত সকলো কৰ্মচাৰীৰে ভৱিষ্যৎ তথা সামাজি সুৰক্ষা নিশ্চিত কৰা, বকেয়া মাননি সময়মতে আদায় দিয়া,

ৰন্ধন কৰ্মচাৰীৰ কাম এন জি অ'ক  প্ৰদানৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰা আদিৰ দাবীত আজি বঙাইগাঁৱত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ বঙাইগাঁও আৰু চিৰাং জিলা সমিতিয়ে এক প্ৰতিবাদী সমদল উলিওৱাৰ লগতে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

জিলা দুখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে স্থানীয় গান্ধী ময়দানৰ পৰা চহৰখনৰ মাজেৰে এক প্ৰতিবাদী সমদল উলিয়াই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ বিক্ষোভ প্ৰদৰ্শন কৰে ৷

বঙাইগাঁও জিলা চি আই টি ইউৰ সহযোগত ৰূপায়ণ কৰা কাৰ্যসূচীৰ অন্তত ওপৰোক্ত দাবীত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ জিলা সমিতিয়ে উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ৷

Your Comments