কলাইগাঁও মডেল হাস্পতাল উদ্বোধন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ

কলাইগাঁও মডেল হাস্পতাল উদ্বোধন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ

বহু আকাংক্ষিত কলাইগাঁও মডেল হাস্পতালখন আজি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উদ্বোধন কৰি ৰাইজক উৎসৰ্গা কৰে । বিগত কংগ্ৰেছ চৰকাৰৰ তদানীন্তন কলাইগাঁৱৰ অগপ বিধায়ক মুকুন্দৰাম চৌধুৰী আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে যোৱা ১০ নৱেম্বৰ ২০১৪ চনত আধাৰশিলা স্থাপন কৰিছিল ।

কলাইগাঁও মডেল হাস্পতাল উদ্বোধন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ

বিটিচিৰ ই এম তথা স্থানীয় এম চি এল এ জগদীশ সৰকাৰৰ সঞ্চালনা কৰা সভাত উদ্দেশ‍্য বাখ্যা কৰে ওদালগুৰি জিলাৰ স্বাস্থ‍্য বিভাগৰ যুটীয়া সঞ্চালক তবেবুৰ ৰহমানে । ওদালগুৰি জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ দাসে উদ্বোধন কৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মডেল হাস্পতালখন নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমি প্ৰদান কৰা কলাইগাঁও প্ৰগতিশীল জনমঞ্চক শলাগ জ্ঞাপন কৰাৰ লগতে প্ৰাক্তন অগপৰ বিধায়ক মুকুন্দৰাম চৌধুৰীক ধন‍্যবাদ জনায় ।

কলাইগাঁও মডেল হাস্পতাল উদ্বোধন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ

সহস্ৰাধিক জনতাৰ উপস্থিতিত বিটিচিৰ স্বাস্থ‍্য বিভাগৰ ই এম গনেশ কছাৰী, লৌমশ্ৰাও দৈমাৰী, প্ৰাক্তন বিধায়ক মুকুন্দৰাম চৌধুৰী, বিধায়ক মহেশ্বৰ বড়োৱে ভাষণ প্ৰদান কৰে ।

মহকুমাধিপতি দিঠকানন্দ হাজৰিকা, চক্ৰ বিষয়া বিৰাজ বৰুৱা, প্ৰগতিশীল জনমঞ্চৰ সভাপতি তথা ভূমিদাতা তৰুণ আজাদ ডেকা, এম চি এল এ সুৰেশ তাঁতী আদিকে ধৰি বহু কেইবাগৰাকীও ব‍্যক্তি উপস্থিত থাকে ।

কলাইগাঁও মডেল হাস্পতাল উদ্বোধন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ

উল্লেখ‍্য যে সভাৰ মাজতে শিশু নৃত‍্যশিল্পী নিলাক্ষী দেৱীৰ সত্ৰীয়া নৃত‍্যই অনুষ্ঠানটো মনোগ্ৰাহী কৰি তোলে ।

Your Comments