নিউজ ডেস্ক:
৫ বছৰলৈ ভাৰতত নিষিদ্ধ PFI।বেআইনী কাৰ্যকলাপৰ গুৰুতৰ অভিযোগত গৃহমন্ত্ৰনালয়ে PFIক নিষিদ্ধ ঘোষণা কৰে মঙলবাৰে।
উল্লেখ্য যে দেশজুৰি PFIৰ বিৰুদ্ধে চলিছিল অভিযান।NIAসমগ্ৰ দেশৰ লগতে অসমৰ পৰাও গ্ৰেপ্তাৰ কৰিছিল PFIকর্মীক।তাৰ পিছতেই কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰে সংগঠনটোক।
আনহাতে PFIৰ লগতে নিষিদ্ধ হৈছে অন্য বহুকেইটা সংগঠন।সংগঠন কেইটা ক্ৰমে ৰিহেব ইণ্ডিয়া ফাউণ্ডেচন (RFI), কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়া (CFI), অল ইণ্ডিয়া ইমামছ কাউন্সিল (AIIC), নেচনেল কনফেডাৰেচন অফ হিউমেন ৰাইটছ অৰ্গ (NCHRO), নেচনেল উইমেন ফ্ৰণ্ট, জুনিয়ৰ ফ্ৰণ্ট, এমপাৱাৰ ইণ্ডিয়া ফাউণ্ডেচন আৰু ৰিহেব ফাউণ্ডেচন, কেৰেলা।
- Log in to post comments
- 4 views