১২ ছেপ্টেম্বৰত ছুপ্ৰিম কৰ্টৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত হ’ব নাগৰিকত্ব সংশোধনী আইন,২০১৯ৰ বিৰুদ্ধে তৰা গোচৰৰ শুনানি

A

 

নিউজ ডেস্ক:
নাগৰিকত্ব সংশোধনী আইন,২০১৯ অনাৰ লগে লগে এই আইনখন সংবিধান বিৰোধী আৰু পক্ষপাতমূলক বুলি প্ৰত্যাহ্বান জনাই মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে ৩০ টা খিলঞ্জীয়া সংগঠনক লৈ ১৫১৪/২০১৯ নং গোচৰ তৰিছিল ছুপ্ৰিম কৰ্টত । ১২ ছেপ্টেম্বৰত ছুপ্ৰিম কৰ্টত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত মুখ্য ন্যায়াধীশ উদয় উমেশ ললিত আৰু ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাটৰ দুজনীয়া বিচাৰপীঠে মতিউৰ ৰহমান বনাম ভাৰত চৰকাৰৰ ১৫১৪/২০১৯ নং গোচৰৰ শুনানী অনুষ্ঠিত হ'ব । মতিউৰ ৰহমানৰ সৈতে মহাসংঘৰ মহা সচিব পূৰ্ণানন্দ ৰাভা নতুন দিল্লীত উপস্থিত হৈছে । মহাসংঘই আশা কৰে যে নাগৰিকত্ব সংশোধনী আইন, ২০১৯ নিশ্চিত ভাবে বাতিল হ'ব । উল্লেখযোগ্য যে প্ৰথম বাৰৰ বাবে ৰাষ্ট্ৰসংঘই ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰি এই আইনৰ বিৰুদ্ধে গোচৰ তৰিছে । এই গোচৰৰো শুনানি হ'ব । লগতে এই আইনৰ বিৰুদ্ধে তৰা ২৫০টা গোচৰৰো শুনানি হ'ব ।

উল্লেখযোগ্য যে ভাৰতৰ ভিতৰত একমাত্ৰ অসম সন্মিলিত মহাসংঘই ৮ গৰাকী বিশিষ্ট চিন্তাবিদৰ জড়িয়তে নাগৰিকত্ব সংশোধনী আইনখন আনিবলৈ জাৰি কৰা ২০১৫ চনৰ ৭ ছেপ্তেম্বৰৰ জাননীখনকেই পক্ষপাতমূলক আৰু সংবিধান উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি ছুপ্ৰিম কৰ্টত ৬৮/২০১৬ নং গোচৰ তৰিছিল । মহাসংঘৰ ৮ গৰাকী বিশিষ্ট ব্যক্তি প্ৰনৱ কুমাৰ মজুমদাৰ(প্ৰাক্তন অধ্যক্ষ, তেজপুৰ চৰকাৰী ল'ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়), ডা: বিশ্ব ৰঞ্জন কলিতা(প্ৰাক্তন যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক), শান্তনু দাস বৰহাজোৱাল(প্ৰাক্তন অধ্যক্ষ, ছৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা প্ৰাক্তন সভাপতি, সোনোৱাল কছাৰী জাতীয় পৰিষদ), মুকুন্দ চন্দ্ৰ গোস্বামী(সত্ৰাধিকাৰ, মায়ামৰা দিনজয় সত্ৰ, চাবুৱা), ড০ যোগেশ্বৰ বড়া(প্ৰাক্তন অধ্যক্ষ, নন্দনাথ শইকীয়া মহাবিদ্যালয় তথা মুখ্য উপদেষ্টা, সদৌ অসম ঠেঙ্গাল কছাৰী জাতীয় সংগঠন), তুলসী বৰদলৈ(প্ৰাক্তন উপাধ্যক্ষ, জাগীৰোড মহাবিদ্যালয় তথা প্ৰাক্তন সভাপতি, তিৱা সাহিত্য সভা), প্ৰয়াত জগত কামা(প্ৰাক্তন সভাপতি, নিখিল ৰাভা সাহিত্য সভা) আৰু জনকলাল বসুমতাৰীয়ে (অৱসৰপ্ৰাপ্ত আয়ুক্ত, আয়কৰ বিভাগ, অসম) তৰা ৬৮/২০১৬ নং গোচৰত বিদেশী আইন(১৯৪৬)ৰ অধীনত বিদেশী হুকুম(১৯৪৮)ৰ সংশোধন কৰি৩(ক) যুক্ত কৰা আৰু লগতে পাছপৰ্ট আইন(১৯২০)ৰ অধীনস্থ নিয়ম(১৯৫০)ৰ সংশোধন কৰি নিয়ম ৪, উপবিধি (১) যুক্ত কৰি জাৰি কৰা ২০১৫ চনৰ ৭ চেপ্তেম্বৰৰ অধিসূচনাখনক অবৈধ বুলি প্ৰত্যাহ্বান জনাইছিল । এই অধিসূচনাৰ জৰিয়তে দেশৰ ধৰ্মনিৰপেক্ষ নীতিক কুঠাৰাঘাত কৰি কেৱল হিন্দু বিদেশীক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিব খুজিছে । আনকি পাছপৰ্ট বা আন কোনো ভ্ৰমণ সংক্ৰান্তীয় নথি-পত্ৰ নোহোৱাকৈ পাকিস্তান বাংলাদেশৰ পৰা ভাৰতলৈ অহা হিন্দু বিদেশীক আৰু পাছপৰ্ট বা আন ভ্ৰমণ সংক্ৰান্তীয় নথি-পত্ৰৰ ম্যাদ উকলি যোৱাৰ পিছটো যিসকল পাকিস্তানী-বাংলাদেশী লোক ভাৰতত আছে তেওঁলোকক ভাৰতীয় নাগৰিকত্ব দিয়া হ'ব বুলি উল্লেখ কৰিছিল ।
এই গোচৰটোৰ মাত্ৰ তিনিটা শুনানি লৈয়ে দুজনীয়া বিচাৰপীঠৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰোহিন্টন ফলি নাৰীমানে গোচৰটো মীমাংসাৰ বাবে ৫ জনীয়া সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল ২০১৬ চনৰ নবেম্বৰত । বৰ্তমান ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে ১ নৱেম্বৰত এই গোচৰৰো শুনানিৰ দিন ধাৰ্য কৰিছে ।

Your Comments