বিচিচিআইৰ অধ্যক্ষ পদ ত্যাগ সৌৰভ গাংগুলীৰ; বিচাৰিলে নতুন যাত্ৰাৰ আশীৰ্বাদ

A

নিউজ ডেস্ক:

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ পদ ত্যাগ প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ।কলিকতাৰ প্ৰবীণ খেলুৱৈ গৰাকীয়ে হঠাৎ ঘোষণা কৰে বিচিচিআইৰ অধ্যক্ষ পদ ত্যাগ কৰাৰ কথা।উল্লেখ্য যে টুইটযোগে অধ্যক্ষ পদ ত্যাগ কৰি নতুন যাত্ৰাৰ আৰ্শীবাদ বিচাৰে দেশবাসীৰ পৰা।গুৰুত্বপূৰ্ণ কথা এই যে শেহতীয়াকৈ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে ৰাজনীতিত যোগদান কৰিব বুলি সৰ্বত্ৰে চৰ্চা চলি আছে।তাৰ মাজতে অধ্যক্ষৰ পদ ত্যাগ কৰি নতুন যাত্ৰাৰ আশীৰ্বাদ বিচাৰি ৰাজনীতিৰ পথাৰত যোগদান কৰাৰ কথা স্পষ্ট কৰিছে।অৱশ্যে আনুষ্ঠানিক ঘোষণাৰ পাছতহে নিশ্চিত হ’ব সকলো কথা।

Your Comments