মুছলমান দেশৰ গোটক ভাৰতৰ সকিয়নী: অ’আইচিয়ে কৈছে- য়াছিন মালিকক শাস্তি দিয়াটো ভুল, ভাৰতে কৈছে- সন্ত্ৰাসবাদক সমৰ্থন নকৰিব

A

 

নেচনেল ডেস্ক:
 গংগোত্ৰী কাশ্যপ :
 সন্ত্ৰাসবাদী পুঁজিৰ গোচৰত কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক NIA আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। NIA ৰ এই সিদ্ধান্তৰ পিছতে  ইছলামিক সহযোগিতা সংস্থাৰ (OIC-IPHRC) স্বতন্ত্ৰ স্থায়ী মানৱ অধিকাৰ আয়োগে এই সিদ্ধান্তক গৰিহণা দি মন্তব্য কৰিছে, যিটোক ভাৰতে গ্ৰহণযোগ্য নহয় বুলি অভিহিত কৰিছে।বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে এই সন্দৰ্ভত কয় যে "বিশ্বই সন্ত্ৰাসবাদক একেবাৰেই সহ্য নকৰে।  ইছলামিক সহযোগিতা সংস্থাই (OIC) কোনো কাৰণতে যাতে  (আতংকবাদক ) নায্যতা প্ৰদান নকৰে।”
  বাগচীয়ে কয় লগতে কয় যে - “য়াছিন মালিকৰ গোচৰৰ ৰায়ৰ বাবে ভাৰতক গৰিহণা দি OIC-IPHRC য়ে কৰা  মন্তব্যক ভাৰতে মানি নলয়। এই মন্তব্যৰ জৰিয়তে OIC-IPHRC য়ে মালিকৰ সন্ত্ৰাসবাদী কাৰ্যকলাপত সমৰ্থন আগবঢ়াইছে।  মালিকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আদালতত প্ৰমাণিত হৈছে আৰু তাৰ পিছতহে তেওঁক শাস্তি প্ৰদান কৰা হৈছে।বিশ্বই সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা বিচাৰে।”
  আনহাতে মালিকৰ শাস্তিৰ সমালোচনা কৰি OIC য়ে কয় – “মালিকক অমানৱীয় অৱস্থাত কাৰাগাৰত বন্দী কৰা হৈছে, যিয়ে কাশ্মীৰত বসবাস কৰা মুছলমানসকলৰ ওপৰত হোৱা নিৰ্যাতন দেখুৱাইছে।  মালিকৰ এই শাস্তিয়ে ভাৰতীয় ন্যায়িক ব্যৱস্থাক উপহাস কৰিছে ৷ য়াছিন মালিকক শাস্তি দিয়াটো ভুল।”

Your Comments