কলাইগাঁৱত 'স্বচ্ছতাই সেৱা' শীৰ্ষক কাৰ্যসূচী সম্পন্ন

কলাইগাঁৱত 'স্বচ্ছতাই সেৱা' শীৰ্ষক কাৰ্যসূচী সম্পন্ন

স্বচ্ছ ভাৰত অভিযানৰ অংশ হিছাপে জনস্বাস্থ‍্য কৰিকৰী বিভাগ, টংলা সংমণ্ডলৰ উদ‍্যোগত আজি কলাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাঙ্গণত 'স্বচ্ছতাই সেৱা' শীৰ্ষক এখন সভা অনুষ্ঠিত হয় ।

স্বচ্ছতাই সেৱা শীৰ্ষক সভাখনত উপস্থিত থাকে কলাইগাঁও ৰাজহ চক্ৰ বিষয়া বিৰাজ কুমাৰ বৰুৱা, জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ টংলা সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্ত্ৰা তথা স্বচ্ছ ভাৰত অভিযানৰ নডেল বিষয়া নামেশ্বৰ টায়েং ।

কলাইগাঁৱত 'স্বচ্ছতাই সেৱা' শীৰ্ষক কাৰ্যসূচী সম্পন্ন

শিলপোটা মৌজাৰ মৌজাদাৰ কমল প্ৰসাদ শৰ্মা, কলাইগাঁও উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ সহকাৰী শিক্ষক প্ৰতাপ ভট্ৰাচাৰ্য, শাখা বিষয়া গণৰাম কলিতা আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোকো সভাত উপস্থিত থাকে ।

কলাইগাঁৱত 'স্বচ্ছতাই সেৱা' শীৰ্ষক কাৰ্যসূচী সম্পন্ন

সভাৰ অন্তত হাতে হাতে ঝাৰু, টুপি, মাক্স আদি পৰিধান কৰি কলাইগাঁৱৰ কেইবা ঠাইটো ঝাৰু মাৰি চাফ-চিকুণ কৰি সজাগতা সৃষ্টি কৰা পৰিলক্ষিত হয় ।

ইফালে কলাইগাঁও উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ত কলাইগাঁও ব‍্যৱসায়ী সন্থা আৰু ই-ৰিক্সা চালক সন্থায়ো আজি পৰিবেশ নিকাকৰণ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

কলাইগাঁৱত 'স্বচ্ছতাই সেৱা' শীৰ্ষক কাৰ্যসূচী সম্পন্ন

এই কাৰ্যসুচী উদ্বোধন কৰে বিটিচিৰ ই এম জগদীশ সৰকাৰে ।

Your Comments