আজিৰে পৰা কলাইগাঁৱত অসম যুৱ পৰিষদৰ দুদিনীয়া দিহানাম প্ৰতিযোগিতা

আজিৰে পৰা কলাইগাঁৱত অসম যুৱ পৰিষদৰ দুদিনীয়া দিহানাম প্ৰতিযোগিতা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰৱৰ্তিত নাম সংস্কৃতিয়ে অসমৰ সমাজ আৰু সাংস্কৃতিক জীৱনক বৰ্ণাঢ‍্য আৰু বৈচিত্ৰ্যপূৰ্ণ কৰি ৰাখিছে ।

থিয়নাম, নাগাৰা নাম, চেও চাপৰি নামৰ উপৰি দিহানামে অসমৰ আধ‍্যাত্মিক জীৱনক এক নতুন মাত্ৰা প্ৰদান কৰি আহিছে ।

আজিৰে পৰা কলাইগাঁৱত অসম যুৱ পৰিষদৰ দুদিনীয়া দিহানাম প্ৰতিযোগিতা

দিহানামক আধাৰ হিছাপে লৈ সুকীয়া শৈলীৰে গঢ় লৈ উঠা এই নামটি কেৱল ভক্তিধৰ্মৰ অনুষংগই নহয়, সম্প্ৰতি ৰাইজৰ হিয়া-মন স্পন্দিত কৰা এক দৃষ্টিনন্দন কলা হিচাপে চিহ্নিত হৈছে ।

দিহানামৰ প্ৰচাৰ, প্ৰসাৰ আৰু উত্তৰণৰ এক পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ‍্যে আজি আঞ্চলিক দল অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ, কলাইগাঁও সমষ্টি সমিতিৰ উদ‍্যোগত কলাইগাঁও সমষ্টি ভিত্তিত দিহানাম প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে ।

আজিৰে পৰা কলাইগাঁৱত অসম যুৱ পৰিষদৰ দুদিনীয়া দিহানাম প্ৰতিযোগিতা

কলাইগাঁও পৰিদৰ্শন বঙলা প্ৰাঙ্গণত আয়োজিত অনুষ্ঠানত পুৱা ৯ বজাত পতাকা উত্তোলন কৰে নৱ কুমাৰ ডেকাই ৷

কলাইগাঁও উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ অৱসৰী শিক্ষক শুক্লেশ্বৰ ডেকাই থাপনাত বন্তি প্ৰজ্বালন কৰি ভগৱন্তৰ ওচৰত সেৱা লোৱাৰ পিছতেই কলাইগাঁৱৰ প্ৰাক্তন বিধায়ক তথা অগপৰ কেন্দ্ৰীয় সম্পাদক মুকুন্দৰাম চৌধুৰীয়ে প্ৰতিযোগিতাখন উদ্বোধন কৰে ।

আজিৰে পৰা কলাইগাঁৱত অসম যুৱ পৰিষদৰ দুদিনীয়া দিহানাম প্ৰতিযোগিতা

প্ৰাক্তন ছাত্ৰ নেতা টংকেশ্বৰ বৰুৱা আৰু কণ্ঠশিল্পী তুলিকা বৰাই আঁতধৰা প্ৰতিযোগিতাখন পৰিচালনা কৰে টংলাৰ জোনমণি শইকীয়া, ছিপাঝাৰৰ জীৱৰাম নাথ আৰু কলাইগাঁৱৰ শশীপ্ৰভা দেৱীয়ে ।

আজি প্ৰতিযোগিতাত প্ৰায় ৩০টা দিহানামৰ দলে অংশগ্ৰণ কৰাৰ লগতে কাইলৈ ২৫টাতকৈও অধিক দলে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে উদ‍্যোক্তাসকলে ।

Your Comments